চিৰাং আৰক্ষীৰ জালত নাবালিকাক যৌন নিৰ্যাতন চলোৱা জহিৰুদ্দিন

নিয়মীয়া বাৰ্তা,২৭ আগষ্ট: অৱশেষত চিৰাং আৰক্ষীৰ জালত বন্দী হ’ল নাবালিকাক যৌন নিৰ্যাতন চলাই আত্মগোপন কৰা জহিৰউদ্দিন দেৱান। কালি দুপৰীয়াৰ ভাগত কেইবাশ মহিলা আৰু স্থানীয় ৰাইজে ২০ আগষ্টত দুগৰাকী কোচ-ৰাজবংশী সম্প্ৰদায়ৰ নাবালিকাক ফুচুলাই নি যৌন নিৰ্যাতন চলোৱা জহিৰুদ্দিন দেৱানক গ্ৰেপ্তাৰ কৰিবলৈ অসমৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি চিদলী আৰক্ষীৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন তথা থানা ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰে। বিটিআৰ আক্ৰাছু আৰু জনকল্যাণ মহিলা সমিতিৰ উদ্যোগত ৰূপায়ণ কৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰা মহিলা আৰু স্থানীয় ৰাইজে চিদলী থানাৰ আৰক্ষীক অতিৰিক্ত ২৪ ঘন্টাৰ সময় সীমা নিৰ্ধাৰণ কৰি দিছিল। অন্যথাই চিৰাং জিলা বন্ধৰ আহ্বান জনাব বুলি হুংকাৰ দিছিল। তাৰ মাজতে বিটিআৰ আক্ৰাছুৰ কেন্দ্ৰীয় সমিতি,কোকৰাঝাৰ আৰু চিৰাং জিলা সমিতিৰ নেতৃবৃন্দই কালি সন্ধিয়া চিৰাং আৰক্ষী অধীক্ষকৰ সৈতে বৈঠকত মিলিত হয়। বিটিআৰ আক্ৰাছুৰ নেতৃবৃন্দই অভিযুক্তক অতি শীঘ্ৰেই আটক কৰাৰ দাবী জনায়। আৰক্ষী অধীক্ষকেও আক্ৰাছুৰ নেতৃবৃন্দক অপৰাধীক আটক কৰাৰ আশ্বাস প্ৰদান কৰে। অৱশেষত আৰক্ষী অধীক্ষকৰ হেঁচাত নাবালিকাক যৌন নিৰ্যাতন চলাই আত্মগোপন কৰিবলৈ সক্ষম হোৱা গাঁওৰক্ষী বাহিনীৰ সভাপতি জহিৰউদ্দিন দেৱানক কালি নিশাৰ ভাগতে চিৰাং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে ধৃত অভিযুক্তক সোধাপোছা কৰি তদন্ত অব্যাহত ৰাখিছে। বৃহত্তৰ চিদলী অঞ্চলৰ ৰাইজে অপৰাধীক গ্ৰেপ্তাৰ কৰাত সন্তোষ প্ৰকাশ কৰাৰ লগতে অপৰাধীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনাইছে।।

প্ৰেৰক বিপুল কুমাৰ দাস

Featured