গুগল পে’ৰ বাবেই যুৱতীয়ে হেৰুৱালে ১.২৩ লাখ টকা

চাইবাৰ অপৰাধী চক্ৰই দৈনিক ন ন কৌশল প্ৰয়োগ কৰি গ্ৰাহকৰ সাঁচতীয়া ধন লুট কৰি আহিছে । কিছুদিন পূৰ্বে এই চক্ৰই মনচুল দলে নামৰ এগৰাকী যুৱতীৰ একাউণ্টৰ পৰা ১.২৩ লাখ টকা লুট কৰি নিয়ে ।

নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰঃ গুগল পে’ ব্যৱহাৰকাৰীসকল সাৱধান । আপুনিও যদি গুগল পে’ ব্যৱহাৰ কৰে তেনেহ’লে ট্ৰেনজেকঞ্চন কৰাৰ আগত সাৱধান হওক । কাৰণ মহানগৰীত চাইবাৰ অপৰাধী চক্ৰই বৃহৎ জাল মেলিছে । শেহতীয়াকৈ গুৱাহাটী মহানগৰীত চাইবাৰ অপৰাধজনিত দুই শতাধিক গোচৰ ৰুজু হৈছে । ইতিমধ্যে মহানগৰ আৰক্ষীয়ে দুই তুৰ্কী নাগৰীকসহ দহজনৰো অধিক চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । কিন্তু ইমানৰ পাছতো চাইবাৰ অপৰাধী চক্ৰই দৈনিক ন ন কৌশল প্ৰয়োগ কৰি গ্ৰাহকৰ সাঁচতীয়া ধন লুট কৰি আহিছে । কিছুদিন পূৰ্বে এই চক্ৰই মনচুল দলে নামৰ এগৰাকী যুৱতীৰ একাউণ্টৰ পৰা ১.২৩ লাখ টকা লুট কৰি নিয়ে । উল্লেখ্য যে প্ৰথমে অপৰাধী চক্ৰটোৱে ই-ৱালেটত পইচা জমা কৰিবলৈ যুৱতীগৰাকীলৈ গুগল ই কমাৰ্চ কাষ্টমাৰ কেয়াৰৰ পৰা ফোন কৰা বুলি অৱগত কৰে আৰু গুগল পে’ৰ ফোন নম্বৰ বিচাৰে । যুৱতীগৰাকীয়ে ফোন নম্বৰ দিব নিবিচৰাত এটা লিংক পঠিয়ায় । লিংকটো ক্লিক কৰাৰ অলপ সময় পাছতে যুৱতীগৰাকাৰ এছবিআই আৰু এইচডিএচি বেংকৰ একাউণ্টৰ পৰা ১.২৩ লাখ টকা চক্ৰটোৱে হৰলুকী কৰে । অৱশ্যে ঘটনা সন্দৰ্ভত ভুক্তভোগী যুৱতীগৰাকীয়ে ভঙাগড় আৰু বশিষ্ঠ থানাত পৃথকে পৃথকে দুটাকৈ গোচৰ ৰুজু কৰিছে ।

Featured