মোবাইল ব্যৱহাৰকাৰী সকলৰ বাবে মোক্ষম আঘাত !

নিয়মীয়া বাৰ্তা ২৮ নৱেম্বৰঃ মোবাইল ইণ্টাৰনেট ব্যৱহাৰকাৰী সকললৈ দুখবৰ। অহা ১ ডিচেম্বৰৰ পৰা বৃদ্ধি পাব ডাটা তথা ভয়চ কলৰ নতুন নিৰিখ। ‘ট্ৰাই’য়ে মোবাইলৰ নূন্য়তম নিৰিখৰ ক্ষেত্ৰত হস্তক্ষেপৰ পৰা বিৰত থাকিব বুলি ইতিমধ্যেই জনাই দিছে। টেলিকম বিভাগৰ এজন বিষয়াই কয় যে টেলিকম বিভাগে এতিয়ালৈকে মোবাইলৰ নূন্যতম নিৰিখৰ বিষয়ে কোনো ধৰণৰ সিদ্ধান্ত লোৱা নাই।

লগতে বিষয়া জনে কয় যে জিঅ, ভোডাফোন-আইডিয়া আৰু বি এছ এন এলে ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহত ডাটা তথা ভয়চ কলৰ নতুন নিৰিখ বৃদ্ধি কৰাৰ ক্ষেত্ৰত বিভাগে কোনো ধৰণৰ হস্তক্ষেপ নকৰে। সূত্ৰসমূহৰ মতে ভোডাফোন আইডিয়া আৰু এয়াৰটেলৰ নিৰিখ সমূহ ৩৫ শতাংশলৈকে কৰা হ’ব।

আনহাতে ছেলুলাৰ অৰ্পৰেটাৰ্ছ এছ’ছিয়েছনে নিজৰ মন্তব্যত কয় যে এতিয়া ডাটা তথা ভয়চ কলৰ কোনো নূন্যতন নিৰিখ নিৰ্ধাৰণ নহয় কাৰণ, এতিয়া কেৱল আমাৰ লক্ষ্য কেৱল এ আৰ পিই উত । এ আৰ পিই উ বৃদ্ধি হ’লে টেলিকম উদ্যোগটোৰ অৱস্থা অলপ উন্নত হ’ব।

উল্লেখ্য যে বুধবাৰে লোকসভাত দূৰসঞ্চাৰ মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে কয় যে মবাইল সেৱাৰ নিৰিখ সমূহ কম হোৱা বাবে তিনি বছৰত দূৰসঞ্চাৰ বিভাগে ৰাজহ লাভৰ ক্ষেত্ৰত প্ৰায় ৪১ হাজাৰ কোটি টকা হ্ৰাস পাইছিল।

Featured