হিতে বিপৰীত হ’ল ২০০০ টকীয়া নোটঃ প্ৰচলিত জালনোটৰ ৫৬ শতাংশই ২০০০ টকীয়া নোট

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ বিমুদ্ৰাকৰণৰ পাচত দেশত প্ৰচলিত জালনোট বন্ধ হ’ব বুলি আশা প্ৰকাশ কৰা হৈছিল যদিও হিতে বিপৰীত হোৱা দেখা গ’ল নতুন দুই হাজাৰ টকীয়া নোটৰ ক্ষেত্ৰত । ২০১৬ চনৰ ৮ নৱেম্বৰ তাৰিখে মোডী চৰকাৰে বিমুদ্ৰাকৰণৰ জৰিয়তে ১০০০ টকীয়া নোটৰ প্ৰচলন বন্ধ কৰি ২০০০ টকীয়া নোট ছপা কৰি বজাৰত মুকলি কৰিছিল । দেশত প্ৰচলিত ক’লা টকা ৰোধৰ বাবে গ্ৰহণ কৰা এই ব্যৱস্থাৰ পাচত কিন্তু এতিয়া পোহৰলৈ আহিছে এক ভয়ংকৰ তথ্য ।

নেশ্বনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ’ৰ (NCRB) তথ্য অনুসৰি দেশত উদ্ধাৰ হোৱা ৫৬ শতাংশ জালনোটেই হৈছে ২০০০ টকাৰ নোট । এই তথ্য অনুসৰি ২০১৮ চনত সমগ্ৰ দেশত ১৭.৯৬ কোটি টকা মূল্যৰ ২,৫৭,২৪৩ খন জালনোট জব্দ কৰা হৈছে । ইয়াৰে ৫৬ শতাংশ অৰ্থাৎ ৫৪,৭৭৬ খনেই হৈছে ২,০০০ টকীয়া নোট আৰু ইয়াৰ মূল্য ১০.৯৬ কোটি টকা । ২০১৭ চনত মুঠ জালনোটৰ ৫৩ শতাংশ আছিল ২০০০ টকীয়া নোট ।

উল্লেখ্য যে, ২০১৮ বৰ্ষত উদ্ধাৰ হোৱা ২,০০০ টকীয়া জালনোটৰ ২৬.২৮ শতাংশ জব্দ কৰা হৈছে গুজৰাটত । মুঠ ৬.৯৩ কোটি টকাৰ দুহাজাৰ টকীয়া নকল নোট জব্দ কৰা হৈছে গুজৰাটত । এই তথ্য অনুসৰি উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত অসমত ২০০০ টকীয়া জালনোট জব্দ কৰা হৈছে ৯৪ লাখ টকা । মিজোৰামত ২০০০ টকীয়া জালনোট জব্দ কৰা হৈছে ১.৩৩ কোটি টকা ।

২০০০ টকীয়া জালনোটে দেশৰ অৰ্থনীতিলৈ ভাবুকি কঢ়িয়াই অনাৰ সময়তে ২০১৯ বৰ্ষত ৰিভাৰ্জ বেংকে এখনো ২০০০ টকীয়া নোট ছপা কৰা নাই বুলি উল্লেখ কৰে ।

Featured
Comments (0)
Add Comment