শ্ৰীলংকাত আৰ্থিক সংকটঃ শিশুৱে নোখোৱাকৈ শুবলৈ গৈ আছেঃ ৰাষ্ট্ৰসংঘৰ শিশুৰ পুঁজি বক্তব্য

বিশেষ বাৰ্তা, ২৮ আগষ্টঃ শ্ৰীলংকাৰ শিশুৱে প্ৰতিদিনে দুমুঠি খাদ্য লাভ কৰা নাই। খালী পেটত শুবলৈ বাধ্য হৈছে— ৰাষ্ট্ৰসংঘৰ শিশু পুঁজিৰ দক্ষিণ এছিয়াৰ শাখাৰ পৰিচালক জৰ্জ লাৰিয়া-আডজেইয়ে শ্ৰীলংকাৰ আৰ্থিক অৱস্থা আৰু শিশুৰ ওপৰত ইয়াৰ প্ৰভাৱৰ বিষয়ে ব্যাখ্যা কৰাৰ সময়ত এই উদ্বেগ প্ৰকাশ কৰে। তেওঁৰ সতৰ্কবাণীৰ লগে লগে দক্ষিণ এছিয়াৰ বাকী দেশসমূহেও এতিয়া ব্যৱস্থা গ্ৰহণ নকৰিলে শ্ৰীলংকাৰ দৰে খাদ্য সংকটৰ সন্মুখীন হ’ব পাৰে বুলি সকীয়াই দিয়ে। বৈদেশিক মুদ্ৰা সংকটৰ ফলত অন্যান্য সমস্যাৰ সন্মুখীন হোৱাৰ উপৰি শ্ৰীলংকাই আমদানি কৰাৰ ক্ষমতাও হেৰুৱাই পেলাইছে। যাৰ বাবে দেশৰ খাদ্যৰ মজুতত ডাঙৰ প্ৰভাৱ পৰিছে। এই প্ৰসংগত জৰ্জৰ বক্তব্য, “পৰিস্থিতি এনেকুৱা যে প্ৰতিদিনে  কি খাব তাক লৈ সাধাৰণ ৰাইজ চিন্তিত হৈ পৰিছে।পৰিয়ালবোৰে আধা আহাৰে থাকিবলগীয়া হৈছে।’ তেওঁ লগতে কয়, ‘ল’ৰা-ছোৱালীবোৰে খালী পেটেৰে শুইছে, পিছদিনা খাদ্য থাকিব নে নাই সেয়া নাজানে। তেওঁ শ্ৰীলংকাৰ দৰে পৰিস্থিতি দক্ষিণ এছিয়াৰ বাকী দেশসমূহতো হব পাৰে বুলি আশংকা কৰিছে।

Featured