দুগ্ধ উৎপাদনেৰে স্বাৱলম্বিতাৰ পথ বোকাখাতৰ যুৱক ৰোহিতৰ

নিয়মীয়া বাৰ্তা, ৮ মে’ : যি সময়ত নতুন প্ৰজন্মই এটা চাকৰিৰ কাৰণে হামৰাও কাঢ়ি হতাশাত আক্ৰান্ত হৈছে তেনে সময়ত দুগ্ধ উৎপাদনেৰে স্বাৱলম্বিতাৰ পথ বাছি লৈছে বোকাখাতৰ এজন যুৱকে৷ যুৱকজনৰ নাম ৰোহিত চাহু। চৰকাৰী বা বেচৰকাৰী চাকৰিৰ পিছত দৌৰি সময় পাত নকৰি জাৰ্ছী গৰু পালনেৰে নিজে স্বাৱলম্বী হোৱাৰ লগতে আন দুটা পৰিয়ালকো দিছে সংস্থাপন৷ কোনো চৰকাৰী আঁচনিৰ অবিহনে ব্যক্তিগত ঋণেৰে এজনী জাৰ্ছী গৰুৰ পৰা বৰ্তমান ৭০ জনী জাৰ্ছী গৰুৰ গৰাকী হৈছে ৰোহিত চাহু৷ উল্লেখ্য যে বোকাখাত সমষ্টিৰ কুৰুৱাবাহীৰ বান অধ্যুষিত ছ’গুৰি চহলা গাঁৱৰ ৰোহিত চাহুৱে বহিঃৰাজ্যত চিকিউৰিটি গাৰ্ডৰ কাম কৰিছিল৷ এক বন্ধু পৰিয়ালৰ লোকে দুগ্ধ উৎপাদনেৰে স্বাৱলম্বী হোৱাৰ পথ দেখি অনুপ্ৰাণিত হৈ চিকিউৰিটি গাৰ্ডৰ চাকৰি এৰি ঘৰৰ পোহনীয়া গৰু বিক্ৰী কৰি প্ৰথমে এজনী জাৰ্ছী গৰু কিনি আনে ৷ সেই এজনী জাৰ্ছী গৰুৰ পৰাই বৰ্তমান ৭০জনী জাৰ্ছী গৰুৰ গৰাকী ৰোহিত চাহু৷ চৰকাৰী আঁচনিৰ কোনো সুবিধা বা ঋণ লাভ নকৰিলেও ব্যক্তিগতভাৱে ঋণ লৈয়েই জাৰ্ছী গৰু পালনেৰে দৈনিক প্ৰায় ৩৫০ লিটাৰ গাখীৰ উৎপাদন কৰি আহিছে ৰোহিত চাহুৱে৷ নৱপ্ৰজন্মক চৰকাৰী চাকৰিৰ পিছত নদৌৰি বা বহিঃৰাজ্যলৈ নগৈ ঘৰতে থাকি গো-পালনৰ লগতে আন কৰ্ম কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে পৰিয়ালকো সময় দিয়াৰ আহ্বান জনায় ৰোহিত চাহুৱে।
প্ৰেৰক সুদীপ্ত তামুলী
Featured