কৰ’ণা ভাইৰাছঃ মহানগৰীৰ প্ৰতিখন চিটী বাছ পৰিস্কাৰকৈ ৰখাৰ ব্যৱস্থা

নিয়মীয়া বাৰ্তা, ১৭ মাৰ্চঃ দেশজুৰি কৰ’ণা ভাইৰাছৰ আতংক। অসমতো সজাগতা আৰু সচেতনতাৰ বাবে গ্ৰহণ কৰা গ্ৰহণ কৰা হৈছে কেতবোৰ ব্যৱস্থা। জনসমাগমৰ ঠাইসমূহত সতৰ্কতামূলক ব্যবস্থা গ্ৰহণ কৰা হৈছে। ৰে’লৱে ষ্টেছন, কামাখ্যা গে’টকে ধৰি জনসমাগমৰ অঞ্চলসমূহত স্থাপন কৰা হৈছে চিকিৎসা শিবিৰ।

     এই ভাইৰাছৰ পৰা লোকসকলক সজাগতাৰ বাবে অসম ৰাজ্যিক পৰিবহন নিগমে গ্ৰহণ কৰিছে ব্যৱস্থা। দূৰণিবটীয়া বাছকে ধৰি মহানগৰীৰ চিটীবাছসমূহ পৰিস্কাৰ কৰি ৰখাৰ ব্যৱস্থা পৰিবহন নিগমৰ। যিহেতু বাছত বহু যাত্ৰী থাকে বা চিটী বাছ বহু লোকো ব্যৱহাৰ কৰে সেইবাবে চিটী বাছসমূহ পৰিস্কাৰ-পৰিচন্নকৈ ৰখাৰ আহ্বান। সেয়ে বাছসমূহত থাকিব হেণ্ড ছেনিটাইজাৰৰ লগতে ডাষ্টবিন। দূৰণিবটীয়া যাত্ৰীসমূহৰ বাবে ISBTৰ ভিতৰত ব্যৱস্থা কৰা হৈছে চিকিৎসা শিবিৰ। 

Comments (0)
Add Comment