পানীখাইতীৰ ইটাভাতাত শিশু শ্রমিক নিয়োগ

শ্রমিক আইন উলংঘা উদ্যোগীৰ : নির্লিপ্ত চৰকাৰ–প্রশাসন

নিয়মীয়া বার্তা, ২০ জানুৱাৰীঃ মহানগৰীৰ সমীপৱর্তী পানীখাইতীত একাংশ ব্যৱসায়ীয়ে অবৈধভাৱে উদ্যোগ স্থাপন কৰাৰ লগতে আন একাংশই উদ্যোগত শিশু শ্রমিক নিয়োগ কৰিছে ৷ শেহতীয়াকৈ পানীখাইতীত চলি থকা তিনিটাকৈ ইটাভাতাত স্বত্বাধিকাৰীয়ে শ্রমিক আইন উলংঘাৰে শিশু শ্রমিক নিয়োগ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ চন্দ্রপুৰ আৰু দিছপুৰ ৰাজহ চক্রৰ অন্তর্গত বোন্দা, চপাইডং আৰু ৰাজাবাৰী অঞ্চলত কেইবাটাও ইটাভাতা আছে ৷ ইয়াৰ ভিতৰত তিনিটা ইটাভাতা সম্প্রতি চলি আছে ৷

এছ এন সিং মালিকানাধীন এন বি এফ, জিতু দাস মালিকানাধীন জি বি আই আৰু বাবলাৰ কে বি এফ ইটাভাতাত দীর্ঘদিন ধৰি প্রাপ্তবয়স্ক শ্রমিকৰ সমান্তৰালকৈ স্বত্বাধিকাৰীয়ে শিশু শ্রমিক নিয়োগ কৰিছে ৷ জানিব পৰা মতে অতি কম পাৰিশ্রমিক দি আইন উলংঘাৰে স্বত্বাধিকাৰীসকলে অধিক মুনাফা লাভৰ আশাত ইটা বনোৱা আৰু ইটা আৰু মাটি কঢ়িওৱা আদি কামত শিশু শ্রমিকসকলক নিয়োগ কৰিছে ৷ ভাতাকেইটাত কর্মৰত একাংশ শ্রমিকে জানিবলৈ দিয়া মতে স্বত্বাধিকাৰীয়ে শ্রমিক পৰিয়ালক ইটাভাতাৰ আশে–পাশে থকাৰ সুবিধা কৰি দিয়ে ৷ লগতে স্বত্বাধিকাৰীসকলে ডাবি–ধমকিৰে শ্রমিক পৰিয়ালৰ শিশুকো ভাতাৰ কামত লগায় ৷ যাৰ ফলত শিশুসকলে শিক্ষাকে ধৰি বিভিন্ন অধিকাৰৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে ৷ শ্রম বিভাগ আৰু জিলা প্রশাসনৰ চকুত ধূলি দি ইটাভাতাত শিশু শ্রমিক নিয়োগ কৰাৰ পিছতো বিভাগীয় কর্তৃপক্ষই এনে ভাতাৰ মালিকৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্রহণ নকৰাটো আশ্চর্যজনক ৷

Comments (0)
Add Comment