পৰিষ্কাৰ–পৰিচ্ছন্ন প্রতি নজৰ ফ্লাইং স্কোৱাডৰ

ক’ৰোনা ভাইৰাছৰ আতংকই জোকাৰিছে মহানগৰীক

নিয়মীয়া বাৰ্তা, ১৮ মার্চঃ সমগ্র বিশ্বতে ক’ৰোনা ভাইৰাছে মহামাৰী ৰূপ ধাৰণ কৰিছে ৷ বিশ্বৰ ১৬২খন দেশত ক’ৰোনা ভাইৰাছত আক্রান্ত হৈ ৭,৪৭১জন লোকৰ মৃত্যু হৈছে ৷ এই ভাইৰাছত আক্রান্ত ভাৰতৰ ১৩২জন লোকৰ ভিতৰত তিনিজনৰ মৃত্যু হৈছে৷ ক’ৰোনা ভাইৰাছক লৈ ৰাজ্য চৰকাৰে কেতবোৰ সতর্কতামূলক ব্যৱস্থা গ্রহণৰ নির্দেশনা জাৰি কৰিছে ৷ সমগ্র ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো এতিয়া ক’ৰোনাৰ আতংকই বিৰাজ কৰিছে ৷ উত্তৰ–পূর্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটী মহানগৰীত ক’ৰোনা ভাইৰাছ চিনাক্তকৰণৰ বাবে চৰকাৰৰ নির্দেশমর্মে তৎপৰ হৈ পৰিছে জিলা প্রশাসন ৷ ৰাজ্য চৰকাৰৰ নির্দেশমর্মে বৰঝাৰ বিমানবন্দৰ, গুৱাহাটী ৰে’ল ষ্টেচন আৰু মালিগাঁও ৰে’ল ষ্টেচনত বহিঃৰাজ্যৰ পৰা অহা যাত্রীসকলক চিকিৎসকৰ দলে স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে পর্যবেক্ষণত ৰাখিছে ৷

কামৰূপ (ম) জিলা প্রশাসনে ক’ৰোনা ভাইৰাছক লৈ সতর্কতামূলক ব্যৱস্থা গ্রহণৰ ক্ষেত্রত কোনোধৰণৰ ত্রুটি ৰাখিব বিচৰা নাই ৷ জিলা প্রশাসনে এক নির্দেশযোগে বৰঝাৰ বিমানবন্দৰ, কামাখ্যা ৰে’ল ষ্টেচন আৰু গুৱাহাটী ৰে’ল ষ্টেচনত নিয়মীয়াকৈ যাত্রীক স্বাস্থ্য পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিছে ৷ আজিৰ পৰা স্বাস্থ্য পৰীক্ষা কৰা চিকিৎসকৰ দলটোৰ সৈতে প্রতিটো স্থানতে একোজনকৈ দণ্ডাধীশ উপস্থিত থকাৰ নির্দেশ জাৰি কৰে ৷ বহিঃৰাজ্যৰ পৰা অহা যাত্রীৰ সুবিধাৰ প্রতি লক্ষ্য ৰাখি দণ্ডাধীশৰ উপস্থিতিত চিকিৎসকৰ দলে যাত্রীসকলৰ স্বাস্থ্য পৰীক্ষা কৰিব ৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ পৰা গুৱাহাটীৰ লগতে ৰাজ্যক ৰক্ষা কৰাৰ বাবে চৰকাৰ তথা প্রশাসনৰ সমান্তৰালকৈ আৰক্ষীয়েও মহানগৰীৰ হোটেলত থকা দেশী–বিদেশী পর্যটকৰ তথ্য সংগ্রহ কৰি তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিছে ৷ ক’ৰোনা ভাইৰাছক লৈ মহানগৰবাসীক আতংকিত নহ’বলৈও জিলা উপায়ুক্তই আহ্বান জনাইছে৷ ইফালে, মহানগৰীৰ ৰাজহুৱা স্থান, পথ–পদপথ, পথ বিভাজক আদি পৰিষ্কাৰ কৰি ৰাখিবলৈও পৌৰ আয়ুক্তই আহ্বান জনাইছে ৷ লগতে ফ্লাইং স্কোৱাডে মহানগৰীখনক পৰিষ্কাৰ–পৰিচ্ছন্ন কৰি ৰখাৰ প্রতি তীক্ষ্ণ দৃষ্টি ৰাখিছে ৷

Comments (0)
Add Comment