বহিঃৰাজ্যৰ গৰম কাপোৰেৰে ভৰিছে মহানগৰীৰ বজাৰ

পদপথত অস্থায়ী বিপণীত ৰেহাই মূল্যত বিক্রী

নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে গুৱাহাটী মহানগৰীতো ক্রমাৎ শীতৰ প্রকোপ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ শীতৰ সময়ছোৱাত গ্রাহকসকলক আকর্ষিত কৰিবলৈ মহানগৰীৰ বজাৰত বহিঃৰাজ্যৰ পৰা অহা ব্যৱসায়ীসকলে গৰম কাপোৰ লৈ বাহৰ পাতিছে ৷ মহানগৰীৰ বিভিন্ন স্থানৰ পদপথত ব্যৱসায়ীসকলে বহিঃৰাজ্যৰ পৰা অনা শ্ব’ল আৰু অন্যান্য বস্ত্র বিক্রী কৰি থকা দেখা গৈছে ৷ ব্যৱসায়ীসকলে নেপাল, ৰাজস্থান আৰু পশ্চিমবংগৰ পৰা অনা গৰম কাপোৰ কম দামত বিক্রী কৰা বাবে গ্রাহকসকলে পদপথৰ বিপণীত ব্যাপক ভিৰ কৰা পৰিলক্ষিত হৈছে ৷

বিশেষকৈ পল্টনবজাৰ, পাণবজাৰ, ফাঁচীবজাৰ, মালিগাঁও, জালুকবাৰী, গণেশগুৰি, চানমাৰি, ডাউন টাউন, হাতীগাঁও, পাঞ্জাবাৰী, ছয়মাইল, বশিষ্ঠ, খানাপাৰা, নুনমাটি, নাৰেংগী আৰু বামুণীমৈদামৰ পদপথত ব্যৱসায়ীসকলে বহিঃৰাজ্যৰ পৰা অনা গৰম কাপোৰ বিক্রী কৰিছে ৷ অৱশ্যে নাগৰিকত্ব সংশোধনী আইনবিৰোধী আন্দোলনৰ প্রভাৱ পৰা বাবে মহানগৰীত পূর্বৰ তুলনাত এইবেলি বিক্রীৰ পৰিমাণ হ্রাস পোৱা বুলি নেপাল আৰু অৰুণাচল প্রদেশৰ পৰা অহা একাংশ ব্যৱসায়ীয়ে মতামত ব্যক্ত কৰে৷ ইপিনে, শীতৰ প্রকোপ বৃদ্ধি পোৱাৰ লগে লগে মহানগৰীৰ শ্বপিং মলসমূহতো গ্রাহকসকলক আকর্ষিত কৰিবলৈ গৰম কাপোৰ বিশেষ ৰেহাই মূল্যত বিক্রী কৰা পৰিলক্ষিত হৈছে ৷ মন কৰিবলগীয়া যে ‘কা’বিৰোধী আন্দোলনৰ বাবে এইবেলি পূর্বৰ তুলনাত শ্বপিং মলসমূহত গ্রাহকৰ সংখ্যা হ্রাস পাইছে ৷

Comments (0)
Add Comment