ভঙাগড়ত দুই প্রৱঞ্চকক আৰক্ষীক গতালে চিকিৎসকে

শিশু শ্রমিক উদ্ধাৰৰ নামত প্রৱঞ্চনাৰ জাল বহিঃৰাজ্যৰ NGOৰ

নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ বহিঃৰাজ্যৰ একাংশ ভুৱা প্রতিষ্ঠানে বিভিন্ন কৌশলেৰে মহানগৰবাসীক প্রতাৰণা কৰাৰ অভিযোগ সততে উত্থাপন হৈ অহাৰ সময়তে এইবাৰ কলকাতাৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ প্রতাৰণাৰ বলি হৈছে ৰাজ্যৰ কেইবাগৰাকী চিকিৎসক৷ শিশু শ্রমিককে ধৰি সমাজৰ নিপীড়িত শিশুসকলক উদ্ধাৰ কৰি প্রয়োজনীয় শিক্ষা প্রদানৰ প্রলোভনেৰে কলকাতাৰ স্বেচ্ছাসেৱী সংগঠনটোৱে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ কেইবাগৰাকী চিকিৎসকৰ পৰা লক্ষাধিক টকা হৰলুকী কৰাৰ তথ্য পোহৰলৈ আহিছে৷ ভঙাগড় আৰক্ষীয়ে জানিবলৈ দিয়া মতে, কলকাতাৰ এনজি’টোৰ দুজন কর্মীয়ে অলপতে জিএমচিএইচত প্রৱেশ কৰি তেওঁলোকৰ সমাজ কল্যাণমূলক কাম–কাজৰ বিষয়ে কেইবাগৰাকী চিকিৎসকক ব্যক্ত কৰি এইক্ষেত্রত দান–বৰঙণি সংগ্রহ কৰিব পাৰিব বুলি উল্লেখ কৰে৷ এনজি’ৰ কর্মী দুজনৰ কথাত পতিয়ন গৈ জিএমচিএইচৰ কেইবাগৰাকী চিকিৎসকে অনলাইনত প্রতিষ্ঠানটোৰ একাউণ্টত লক্ষাধিক টকা আদায় দিয়ে৷ চিকিৎসকৰ দলটোৱে টকা আদায় দিয়াৰ পিছত এনজি’টোৰ কর্মচাৰীসকলৰ কথা আৰু কামৰ মাজত অমিল পোৱাত সন্দেহ ওপজে৷ আজি কর্মচাৰী দুজন পুনৰ চিকিৎসককেইজনৰ কাষ চপাত চিকিৎসকৰ দলটোৱে এনজি’ৰ কর্মচাৰী দুজনক ভঙাগড় আৰক্ষীক গতাই দিয়ে৷ এই সন্দর্ভত ভুক্তভোগী চিকিৎসকসকলে পৃথকে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটকাধীন লোককেইজনক সোধা–পোছা অব্যাহত ৰাখিছে৷ অৱশ্যে বাতৰি যুগুত কৰাৰ সময়তে জিএমচিএইচৰ অভিযোগকাৰী চিকিৎসকৰ দলটোৱে আৰক্ষী থানাত উপস্থিত হৈ বিষয়টো পুনৰ বিবেচনাৰ বাবে আৰক্ষী বিষয়াৰে আলোচনাত মিলিত হোৱা বুলি জানিব পৰা গৈছে ৷

Comments (0)
Add Comment