মহানগৰীত খাদ্যৰ নামত বৰবিহ বিক্রী

খাদ্য সুৰক্ষা বিভাগ–জিএমচিক ব্যৱস্থা গ্রহণৰ দাবীৰে উত্তাল পাণবজাৰ

নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ কটন বিশ্ববিদ্যালয়কে ধৰি মহানগৰীৰ অন্যান্য ঠাইৰ পদপথত বন্ধ হ’ব বিৰিয়ানী বিক্রী৷ অস্বাস্থ্যকৰ পৰিৱেশত প্রস্তুত কৰা বিৰিয়ানী বিক্রী বন্ধ কৰাৰ বাবে পদপথ ব্যৱসায়ী সন্থাই আজি কটন বিশ্ববিদ্যালয়ৰ সন্মুখত এক প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে৷ ব্যৱসায়ীৰ বিৰুদ্ধে সাব্যস্ত কৰা অভূতপূর্ব প্রতিবাদী কার্যসূচীত অংশগ্রহণ কৰা সন্থাৰ শতাধিক সদস্য–কর্মীয়ে পদপথত বিৰিয়ানী বিক্রী শীঘ্রে বন্ধ কৰাৰ বাবে বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰে৷ প্রতিবাদী কার্যসূচীত ভাগ লৈ সন্থাৰ সম্পাদক নৰেন ৰাজবংশীয়ে পদপথত খোৱাৰ অনুপযোগী বিৰিয়ানী বিক্রীৰ কথা স্বীকাৰ কৰি কয় যে একাংশ ব্যৱসায়ীয়ে কটন বিশ্ববিদ্যালয়কে ধৰি মহানগৰীৰ অন্য স্থানৰ পদপথত বিৰিয়ানীৰ নামত অখাদ্য বিক্রী কৰি আহিছে৷ খাদ্য সুৰক্ষা বিভাগ তথা জিএমচিৰ বিনা অনুমতিত একাংশ লোকে ঘৰত প্রস্তুত কৰি অনা বিৰিয়ানী পদপথত বিক্রী কৰি জনস্বাস্থ্যলৈ ভাবুকি কঢ়িয়াই আনিছে৷ পদপথ ব্যৱসায়ী সন্থাৰ অজ্ঞাতে একাংশ লোকে পদপথত হাণ্ডি–ডেক্চিত ঘৰত প্রস্তুত কৰা খোৱাৰ অনুপযোগী বিৰিয়ানী তথা কুকুৰাৰ মাংস বিক্রী কৰা সন্দর্ভত অলপতে এগৰাকী মহিলাই বিহিত ব্যৱস্থা গ্রহণৰ দাবী তুলি কামৰূপ (ম) জিলা উপায়ুক্ত আৰু খাদ্য সুৰক্ষা বিভাগক আবেদন জনাইছিল৷ মহিলাগৰাকীৰ আবেদনৰ ভিত্তিত গুৱাহাটী পৌৰ নিগমে দুদিন পূর্বে কটন বিশ্ববিদ্যালয়ৰ সন্মুখৰ অস্থায়ী হোটেল–ৰেষ্টুৰেণ্টকে ধৰি সকলো ব্যৱসায়িক প্রতিষ্ঠান উচ্ছেদ কৰে৷ ফলত পদপথত ব্যৱসায় কৰি পৰিয়াল পোহপাল দিয়া শতাধিক লোক বিশেষভাৱে ক্ষতিগ্রস্ত হয়৷ সেয়েহে আজি পদপথ ব্যৱসায়ী সন্থাই ব্যৱসায়ীসকলৰ পুনঃসংস্থাপনৰ লগতে পদপথত বিৰিয়ানীৰ নামত একাংশ লোকে বিক্রী কৰি অহা অখাদ্য বন্ধ কৰাৰ দাবীত প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰা বুলি তেওঁ জানিবলৈ দিয়ে৷ তদুপৰি এইক্ষেত্রত খাদ্য সুৰক্ষা বিভাগ আৰু জি এম চি কর্তৃপক্ষক বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ প্রতিবাদকাৰীসকলে আহ্বান জনায়৷ কেৱল কটন বিশ্ববিদ্যালয়ে নহয়, মহানগৰীৰ কোনো স্থানতে যাতে বিৰিয়ানীৰ নামত অখাদ্য বিক্রী কৰিব নোৱাৰে, তাৰ বাবে বিভাগীয় কর্তৃপক্ষক বিহিত ব্যৱস্থা গ্রহণৰ দাবী জনাই এইক্ষেত্রত সন্থাই পূর্ণ সহযোগিতা আগবঢ়োৱাৰ সিদ্ধান্ত গ্রহণ কৰে৷ উল্লেখ্য যে বিটিআৰৰ কোকৰাঝাৰকে ধৰি ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা অহা একাংশ অসাধু লোকে গুৱাহাটীত ভাৰাঘৰত আশ্রয় লৈ অস্বাস্থ্যকৰ পৰিৱেশত প্রস্তুত কৰা বিৰিয়ানী পদপথত বিক্রী কৰি আছে৷ ইপিনে, কটন বিশ্ববিদ্যালয়ৰ সন্মুখত জি এম চি কর্তৃপক্ষই উচ্ছেদ কৰা দোকান–পোহাৰসমূহ পুনৰ কাইলৈ খুলিব বুলি সন্থাৰ বিষয়ববীয়াসকলে জানিবলৈ দিছে৷ অৱশ্যে এইক্ষেত্রত পৌৰ নিগম তথা খাদ্য সুৰক্ষা বিভাগে সেউজ সংকেত প্রদান কৰা নাই৷

Comments (0)
Add Comment