জিএমচিৰ ব্যর্থতাঃ স্বচ্ছতাত দেশৰ ভিতৰত গুৱাহাটীৰ স্থান ৩০৩ নম্বৰত

মহানগৰীত আৱর্জনা ব্যৱস্থাপনাত ব্যাপক দুর্নীতিৰ তথ্য ফাদিল কেগৰ প্রতিবেদনত

নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰঃ মহানগৰীৰ সামগ্রিক উন্নয়নৰ দায়িত্বত থকা গুৱাহাটী পৌৰ নিগমে আবণ্টিত পুঁজি ব্যৱহাৰত ব্যাপক দুর্নীতি আৰু অনিয়ম সংঘটিত কৰিছে ৷ কেগৰ প্রতিবেদনৰ পাতে পাতে গুৱাহাটী পৌৰ নিগমত সংঘটিত হোৱা দুর্নীতি, ব্যর্থতা তথ্যসহকাৰে প্রকাশ পাইছে ৷ ত্রয়োদশ আৰু চতুর্দশ বিত্তীয় আয়োগে গুৱাহাটী মহানগৰীৰ উন্নয়নমূলক কাম–কাজৰ বাবে সর্বমুঠ ৪১.২৯ কোটি টকা আবণ্টন দিছিল ৷ ইয়াৰ ভিতৰত মাত্র ১৩.৯৮ কোটি টকাহে খৰচ কৰিবলৈ সক্ষম হৈছে পৌৰ নিগমে ৷ দেশৰ ৪২৫খন চহৰৰ ভিতৰত স্বচ্ছতাৰ ফালৰ পৰা গুৱাহাটী মহানগৰীৰ স্থান ৩০৩ নম্বৰত ৷ গুৱাহাটী মহানগৰীক প্রদূষণমুক্ত স্বচ্ছ মহানগৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে চৰকাৰে ৫.৫০ কোটি টকা আৱর্জনা পৰিষ্কাৰৰ বাবে আবণ্টন দিছিল ৷ কিন্তু এই পুঁজি ব্যৱহাৰতো পৌৰ নিগমে ব্যাপক অনিয়ম সংঘটিত কৰা বুলি কেগৰ প্রতিবেদনত প্রকাশ পাইছে ৷ গুৱাহাটী পৌৰ নিগমে ঘৰে ঘৰে গৈ আৱর্জনা সংগ্রহৰ বাবে ৫৮টা এনজি’ক দায়িত্ব দিছিল ৷ জিএমচি কর্তৃপক্ষৰ দুর্বল ব্যৱস্থাপনাৰ বাবে বিজ্ঞানসন্মতভাৱে আৱর্জনা সংগ্রহ, পৃথকীকৰণ, প্রচেছিং, পুনঃসংশোধন আৰু শুকান আৱর্জনা বিজ্ঞানসন্মতভাৱে পেলোৱাৰ ক্ষেত্রত ব্যর্থ হোৱা বুলি কেগৰ প্রতিবেদনত প্রকাশ পাইছে ৷ একেদৰে শুকান আৱর্জনা ব্যৱস্থাপনাৰ মাচুল সংগ্রহতো ব্যর্থ হোৱা বুলি প্রতিবেদনত উল্লেখ কৰা হৈছে ৷ ইয়াৰ ফলত গুৱাহাটী মহানগৰীত মুকলি ঠাইত আৱর্জনা পেলোৱাৰ বাদে আন কোনো গত্যন্তৰ নাই পৌৰ নিগমৰ হাতত ৷ এয়া সাধাৰণ কথাত পৰিণত হৈছে ৷ এনজি’সমূহে সংগ্রহ কৰা জাবৰ নদীৰ পাৰ, জলাশয়, বিল আদিৰ পাৰত পেলোৱাৰ বাবে নদীৰ পানী প্রদূষিত হোৱাৰ লগতে জলাশয়–বিলৰ পানী প্রদূষণৰ কবলত পৰি জলজ উদ্ভিদ আৰু জীৱকুললৈ ভাবুকি কঢ়িয়াই আনিছে ৷ কেগৰ প্রতিবেদনত প্রকাশ পোৱা তথ্য অনুসৰি ৫ বছৰত গুৱাহাটী মহানগৰীৰ জাবৰ সংগ্রহৰ পৰা ৭২.২৮ কোটি টকা মাচুল সংগ্রহৰ লক্ষ্য নির্ধাৰণ কৰা হৈছিল ৷ কিন্তু জিএমচি কর্তৃপক্ষৰ দুর্বলতাৰ বাবে ২৬ মাহত মাত্র ৪.৫৮ কোটি টকাহে মাচুল সংগ্রহ কৰিছে ৷ মাচুল সংগ্রহৰ পৰিমাণ মাত্র ৬ শতাংশহে ৷ জিএমচিয়ে ৯৪ শতাংশ মাচুল সংগ্রহত ব্যর্থ হোৱাৰ লগতে ৫৮টা এনজি’ক জাবৰ সংগ্রহৰ নামত নীতি–বহির্ভূতভাৱে ২.৭৯ কোটি টকা আদায় দিয়া বুলি কেগৰ প্রতিবেদনত প্রকাশ কৰিছে ৷ তদুপৰি জিএমচিয়ে সৰহসংখ্যক এনজি’ৰ পৰা ৰচিদ বহী প্রদানৰ নামতো আমানত ধন আদায় লোৱা নাই ৷ কেগৰ প্রতিবেদনত প্রকাশ পোৱা গুৱাহাটী পৌৰ নিগমত সংঘটিত হোৱা দুর্নীতি–নিয়মৰ তদন্ত কৰিবলৈ চৰকাৰে কি পদক্ষেপ গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব ৷

Featuredguwahati municipal corporation