ৰাজপথত মেজিক–ট্রেকাৰ চালকৰ দৌৰাত্ম্য

যান–বাহন আইন উলংঘাৰে বিপদসংকুলভাৱে কঢ়িয়াই যাত্রী

নিয়মীয়া বাৰ্তা ২৮ ফেব্ৰুৱাৰীঃ গুৱাহাটী মহানগৰীৰ যান–জঁট নিয়ন্ত্রণৰ বাবে উচ্চ ন্যায়ালয়ে দিয়া নির্দেশনাক বলৱৎ কৰিবলৈ তৎপৰ হৈ পৰিছে পৰিবহণ বিভাগ৷ কামৰূপ (মহানগৰ) জিলা পৰিবহণ বিষয়া আৰু যান–বাহন আৰক্ষীয়ে আইন উলংঘা কৰা চিটীবাছ চালকৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে অভিযান চলাইছে৷ কিন্তু ইয়াৰ বিপৰীতে মহানগৰীৰ ৰাজপথত যান–বাহন আইন উলংঘাৰে মেজিক, ট্রেকাৰ, ই–ৰিক্সা আৰু টেম্প’চালকে দৌৰাত্ম্য অব্যাহত ৰাখিছে৷ বিভিন্ন পথত চলাচল কৰা মেজিক, ট্রেকাৰচালকসকলে বিপদসংকুলভাৱে অত্যধিক যাত্রী কঢ়িয়াই অহা পৰিলক্ষিত হৈছে৷ যান–বাহন আইন উলংঘাৰে আৰক্ষী আৰু পৰিবহণ বিষয়াৰ চকুৰ সন্মুখেৰে মেজিক আৰু ট্রেকাৰ চালকসকলে যাত্রী কঢ়িয়াই অহাৰ পাছতো এইক্ষেত্রত কোনো ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ যান–বাহন আইন অনুসৰি এখন মেজিকত ৭জনহে যাত্রী কঢ়িয়াব পাৰে৷ কিন্তু চালকসকলে মেজিকত ১০–১২জন যাত্রী কঢ়িয়াই আহিছে৷ মহানগৰীৰ কেইবাটাও পথত আনকি হেণ্ডিমেন–কণ্ডাক্টৰে মেজিকৰ পিছত ওলমি যোৱাও উদাহৰণ আছে৷ এনেদৰে যান–বাহন আইন উলংঘা কৰি মহানগৰীৰ পথ–উপপথত চলি থকা মেজিকৰ বিৰুদ্ধে পৰিবহণ বিভাগ আৰু যান–বাহন আৰক্ষীয়ে কি ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷ তথ্য অনুসৰি গুৱাহাটী মহানগৰীত দহ লাখৰো অধিক ব্যক্তিগত বাহন চলাচল কৰে৷ কামৰূপ (ম) জিলাৰ পৰিবহণ বিষয়া কার্যালয়ত প্রায় ৫০ হাজাৰ বাণিজ্যিক বাহনৰ অনুজ্ঞাপত্র পঞ্জীয়নভুক্ত হৈ আছে৷ ইয়াৰে ৩৫ হাজাৰ ট্রাক আৰু ১৫ হাজাৰ যাত্রী কঢ়িওৱা বাহন৷ গুৱাহাটী মহানগৰীত শ্বেয়াৰ টেক্সিৰ অনুজ্ঞাপত্র থকা মেজিক আছে ১৬০০খন৷ ইয়াৰ ভিতৰত বর্তমান মহানগৰীৰ ৰাজপথত প্রায় ১২০০ মেজিক, ৫০খন ট্রেকাৰ চলাচল কৰি আছে৷ মহানগৰীৰ বিভিন্ন পথ–উপপথত চলাচল কৰা ই–ৰিক্সাৰ সংখ্যা প্রায় ১৩০০৷ মহানগৰীৰ ৰাজপথত বর্তমান চলাচল কৰা ১২০০ মেজিকৰ অধিকাংশ চালকে যান–বাহন আইন উলংঘা কৰি অত্যধিক যাত্রী কঢ়িওৱাৰ লগতে যাত্রীৰ পৰা অত্যধিক ভাৰা সংগ্রহৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ মহানগৰীত আইন উলংঘা কৰি দৌৰাত্ম্য অব্যাহত ৰখা মেজিক চালকসকলৰ বিৰুদ্ধে ৰহস্যজনক কাৰণত পৰিবহণ বিষয়াই অভিযান চলোৱা নাই বুলি চর্চা চলিছে৷

Comments (0)
Add Comment