অসমীয়া সাহিত্য–সংস্কৃতিত বৰগোহাঞিৰ অৱদান অতুলনীয়

মৃত্যুবার্ষিকীত অর্থনীতিবিদ যতীন্দ্র কুমাৰ বৰগোহাঞিক স্মৰণ

নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ বিশিষ্ট অর্থনীতিবিদ যতীন্দ্র কুমাৰ বৰগোহাঞি কেৱল সাহিত্যিক–সাংবাদিকে নহয়, তেওঁ আছিল অর্থনৈতিক চিন্তাৰ নায়ক ৷ ৰাজ্যৰ আর্থ–সামাজিক উন্নয়নৰ ক্ষেত্রত বৰগোহাঞিৰ চিন্তা আছিল সুকীয়া ৷ অসমৰ অর্থনীতিক নৱৰূপ দিয়াৰ ক্ষেত্রত তেওঁ গ্রন্থ আকাৰে নিজৰ ধাৰণা আৰু সম্ভাৱনাসমূহ প্রকাশ কৰিছিল ৷ –এই ভাষ্য বিশিষ্ট সাংবাদিক অদীপ কুমাৰ ফুকনৰ ৷ মঙলবাৰে প্রয়াত বৰগোহাঞিৰ ষষ্ঠ মৃত্যুবার্ষিকী উপলক্ষে মহানগৰীৰ লক্ষীৰাম বৰুৱা সদনত আয়োজিত অনুষ্ঠানত ‘অর্থনীতিবিদ যতীন্দ্র কুমাৰ বৰগোহাঞি’ শীর্ষক বিষয়ত বক্তৃতা প্রদান কৰি তেওঁ এইদৰে কয় ৷ সাংবাদিকগৰাকীয়ে লগতে আৰু কয় যে প্রয়াত অর্থনীতিবিদগৰাকীয়ে তেওঁৰ সৃষ্টিৰাজিৰে অসমৰ আর্থ–সামাজিক উন্নয়নৰ ক্ষেত্রত বহুতো প্রয়োজনীয় পৰামর্শ আগবঢ়াইছে ৷

বিশেষকৈ উদ্যোগ আৰু উৎপাদনৰ লগতে প্রচলিত বজাৰ ব্যৱস্থাৰ ওপৰত অর্থনীতিবিদগৰাকীয়ে বহু পৰামর্শ আগবঢ়াইছে ৷ অৱশ্যে সেইসমূহ কার্যকৰী কৰাৰ ক্ষেত্রত চৰকাৰ–প্রশাসন তথা বিভাগীয় কর্তৃপক্ষই বিহিত ব্যৱস্থা গ্রহণ কৰা নাই ৷ অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে প্রথিতযশা সাহিত্যিক নিৰুপমা বৰগোহাঞিয়ে অর্থনীতিবিদগৰাকীৰ অগাধ পাণ্ডিত্যৰ বিষয়ে আলোকপাত কৰে ৷ প্রবন্ধ, গল্প, কবিতা, অর্থনৈতিক বিশ্লেষণ, সমালোচনা আদি বিভিন্ন বিষয়ৰ উপৰি এজন সফল খেতিয়ক হিচাপেও প্রয়াত বৰগোহাঞিয়ে অসমৰ সাহিত্য–সংস্কৃতিলৈ অতুলনীয় অৱদান আগবঢ়োৱা বুলি সাহিত্যিকগৰাকীয়ে ভাষণত উল্লেখ কৰে ৷

অসম লেখিকা সংস্থা আৰু অর্থনীতিবিদ–সাংবাদিক পৰিয়ালবর্গৰ উদ্যোগত অনুষ্ঠিত কৰা উক্ত সভাখনত সভাপতিত্ব কৰে সংস্থাৰ সভানেত্রী মঞ্জুলা শর্মা ভট্টাচার্যই ৷ স্মৃতিচাৰণ সভাখন উদ্বোধন কৰে বিশিষ্ট সাহিত্যিক সন্দিকৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্রাক্তন মুৰব্বী অধ্যাপিকা ড০ অঞ্জলি শর্মাই ৷ এই সভাতে প্রয়াত যতীন্দ্র কুমাৰ বৰগোহাঞি ৰচিত কাব্য সম্ভাৰৰ কেইটিমান বছা বছা কবিতা আবৃত্তিৰে চিন্তানায়কগৰাকীৰ স্মৃতিচাৰণ কৰা হয় ৷ সভাত বিশিষ্ট সাহিত্যিক, সাংবাদিক, শিল্পীৰ উপৰি অসম লেখিকা সংস্থা, লেখক মঞ্চকে ধৰি বহুকেইটা অনুষ্ঠানৰ বহুকেইজন বিশিষ্ট লোক উপস্থিত থাকে ৷ সভাত কবিতা আবৃত্তি কৰে ক্রমে– মীৰা ঠাকুৰ, শংকৰ শইকীয়া, অলকা কলিতা, পাৰুল বৰুৱাকে ধৰি বহুকেইগৰাকী লেখক–লেখিকাই ৷

Comments (0)
Add Comment