অৱসৰৰ পিছত জন্মভূমিত ভৰি দিলে পত্নী-পুত্ৰসহ ৰঞ্জন গগৈয়ে

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰঃ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে অৱসৰ গ্ৰহণৰ পিছত বুধবাৰে গুৱাহাটীত উপস্থিত হয় নিযায়াধীশ ৰঞ্জন গগৈ । সন্ধিয়া ৫ বজাত বিমানযোগে তেওঁ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয় । ন্যায়াধীশ গগৈৰ সৈতে পত্নী আৰু পুত্ৰও গুৱাহাটীত উপস্থিত হয় । বিমানবন্দৰৰ পৰা তেওঁ পোনে পোনে গীতানগৰস্থিত বাসগৃহলৈ ৰাওনা হয় । উল্লেখ্য যে যোৱা ১৭ নৱেম্বৰত মুখ্য ন্যআয়াধীশ হিচাপে তেওঁ অৱসৰ গ্ৰহণ কৰিছে । ন্যায়াধীশ হিচাপে গগৈয়ে কেইবাটাও গুৰুত্বপূৰ্ণ গোচৰৰ ৰায়দান দিছে । শেহতীয়াকৈ শতিকাপ্ৰাচীন ৰামন জনমভূমি বিবাদমান গোচৰ নিষ্পত্তি কৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল । অৱসৰৰ পিছত তেওঁ গুৱাহাটীৰ বাসগৃহতে স্থায়ী ভাৱে বাস কৰিব ।