আজি দীপৰ বিলত সমূহীয়া মাছমৰা উৎসৱঃ দিকবিদিক হেৰুৱাইছে পৰিভ্রমী পক্ষীয়ে

নিয়মীয়া বাৰ্তা, ৫ জানুৱাৰীঃ আজি দীপৰ বিলত অনুষ্ঠিত হ’ব সমূহীয়া মাছ মৰা উৎসৱ ৷ নিশাই পাঁচ শতাধিক নাৱেৰে মাছমৰীয়াই মাছ বিচাৰি দীপৰ বিলৰ বুকু বিদীর্ণ কৰিছে ৷ দিশহাৰা হ’ব পৰিভ্রমী দেশী–বিদেশী চৰাই ৷ বন বিভাগে বিলখনৰ পাঁচশ মিটাৰ ব্যাসার্ধৰ ভিতৰত মাছ মৰাৰ ক্ষেত্রত ১৪৪ ধাৰা আৰোপ কৰি থৈছে যদিও এনে আইনক অংগুষ্ঠ দেখুৱাই মাছমৰীয়াই দীপৰ বিলত পালন কৰিব সমূহীয়া মাছ মৰা উৎসৱ ৷ পুৱাৰে পৰাই আজাৰা থানাৰ অন্তর্গত হাট–বজাৰ কিম্বা পথৰ দাঁতিত উপলব্ধ হৈছে দীপৰ বিলৰ মাছ ৷ তেনেস্থলত প্রকৃতিপ্রেমীকে ধৰি স্থানীয় সচেতন মহলে অস্তিত্ব হেৰুওৱাৰ দিশে ধাৱমান হোৱা দীপৰ বিলখনক পুনৰুদ্ধাৰ কৰিবলৈ মহানগৰ জিলা প্রশাসন আৰু গুৱাহাটী মহানগৰ উন্নয়ন বিভাগৰ মন্ত্রীগৰাকীক দাবী জনাইছে ৷

Comments (0)
Add Comment