এমাহ পিচত কেনেকৈ দেখা দিলে ক’ৰোনাঃ গুৱাহাটীতেই আছে নেকি কোনো মানৱ বোমা

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ মহানগৰীৰ প্ৰথমজন লোক ক’ৰোনা আক্ৰান্ত হোৱাৰ পাচতেই এতিয়া আতংকই বিৰাজ কৰিছে গুৱাহাটীত । জুৰোডৰ অভিজাত স্পেনিছ গাৰ্ডেনৰ এইগৰাকী লোক ব্যৱসায়িক খাতিৰত যোৱা ১ মাৰ্চতেই দিল্লীৰ পৰা উভতি আহিছিল । দিল্লীৰ পৰা উভতি অহাৰ এমাহ পাচত এইগৰাকী ব্যক্তিৰ শৰীৰত ক’ৰোনা পজিটিভ দেখাৰ পাচত এতিয়া উত্থাপিত হৈছে কেতবোৰ প্ৰশ্ন ।

ইফালে, যোৱা ১৭ মাৰ্চৰ পৰা এইগৰাকী লোক আৰু পৰিয়ালৰ হোম কোৱাৰেণ্টাইনত আছিল । লোকজনৰ শৰীৰত পূৰ্বৰে পৰা এজমা থকাৰ বাবে উশাহ-নিশাহত কষ্ট পোৱাত তেওঁ ব্যক্তিগত চিকিৎসকৰ কাষ চাপিছিল আৰু নিজকে হোম কোৱাৰেণ্টাইনত ৰাখিছিল ।

এতিয়া প্ৰশ্ন হয় ক’ভিড-১৯ সংক্ৰমিত হোৱাৰ লক্ষণ দেখা পাবলৈ যি ১৪ দিন সময় কোৱাৰেণ্টাইনত ৰখা হয় সেই ১৪ দিনতেই পোহৰলৈ আহে ক’ৰোনা । তেনেস্থলত ব্যক্তিগৰাকীৰ শৰীৰত এমাহ পাচত কিদৰে ধৰা পৰে ক’ভিড-১৯ । দিল্লীৰ পৰা উভতি অহাৰ পাচত ব্যক্তিজনৰ নিশ্চয়কৈ গুৱাহাটীত থকা কোনো ক’ৰোনা আক্ৰান্তৰ পৰাই এই মহামাৰী সংক্ৰমিত হোৱাৰ সম্ভাৱনা দেখা দিছে । কিয়নো যি প্ৰথম ১৪ দিন সময় সেই সময়ছোৱাতেই ক’ৰোনাৰ কোনো লক্ষণ দেখা নিদিয়া ব্যক্তিজনে হয়তো ১৫ মাৰ্চ অথবা তাৰ আশে-পাশে গুৱাহাটীতে এনে কোনো লোকৰ সংস্পৰ্শলৈ আহিছিল যাৰ শৰীৰত ক’ৰোনা ভাইৰাছৰ উপস্থিতিৰ কথা বৰ্তমানলৈকে পোহৰলৈ অহা নাই ।

উল্লেখ্য় যে, সমগ্ৰ বিষয়টো সন্দৰ্ভত স্বাস্থ্য়বিভাগৰ তদন্ত আৰম্ভ হোৱাৰ লগতে ব্যক্তিজনৰ সংস্পৰ্শলৈ অহা সকলো লোকৰে তথ্য যুগুত কৰি নিশ্চয়কৈ সেইসকলকো কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিব ।

Featured
Comments (0)
Add Comment