কটন বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ পদক্ষেপ, নিজাকৈ হেণ্ড ছেনিটাইজাৰ প্ৰস্তুত

নিজাকৈ হেণ্ড ছেনিটাইজাৰ প্ৰস্তুত কৰি বিতৰণ

নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চঃ কটন বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগে বিশ্ববিদ্যালয়ৰ ব্যৱহাৰৰ বাবে (Hand Sanitizer) প্ৰস্তুত কৰি বিতৰণৰ ব্যৱস্হা কৰে। বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য অধ্যাপক ভৱেশ চন্দ্ৰ গোস্বামীৰ তৎপৰতাত ৰসায়ন বিজ্ঞান বিভাগে ক’ৰণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতিৰোধৰ লক্ষ্যৰে এই ব্যৱস্হা হাতত লয়। বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ভৱেশ চন্দ্ৰ গোস্বামীৰ লগতে পঞ্জীয়ক অধ্যাপক দিগন্ত কুমাৰ দাস,ৰসায়ন বিজ্ঞান বিভাগৰ মুৰব্বী ড° প্ৰহাস চন্দ্ৰ শৰ্মা, প্ৰকল্প সমন্বয়ক ড° মনজিৎ কুমাৰ ভট্টাচাৰ্য আদিৰ উপস্হিতিত এই ব্যৱস্হাৰ শুভ উন্মোচন কৰা হয়। প্ৰকল্পটোত ড° সঙ্গীতা অগ্ৰৱাল আৰু গৱেষক ছাত্র হীৰেন নাথ, অমল দাস, বিদুৎ দাস, প্ৰণয় শৰ্মাই সহযোগিতা আগবঢ়ায়।

Comments (0)
Add Comment