কৰ’ণাৰ আতংকঃ ডাষ্টবিনত ব্ৰইলাৰ মুৰ্গীৰ পোৱালি আৰু কণী

নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চঃ কৰ’ণাৰ আতংকৰ বাবে হ্ৰাস পাইছে ব্ৰইলাৰ মুৰ্গীৰ চাহিদা ফলত বিপদত পৰিছে একাংশ ব্যৱসায়ী। প্ৰতিকেজি ব্ৰইলাৰ মুৰ্গীৰ মূল্য। সেয়ে নিশা মহানগৰীৰ ত্ৰিপুৰা ৰোডৰ এটা ডাষ্টবিনত কোনো লোকে পেলাই থৈ গ’ল ব্ৰইলাৰ মুৰ্গীৰ পোৱালি আৰু কণী।

          আনহাতে ব্ৰইলাৰ তথা মাছ-মাংসৰ পৰা কৰ’ণা ভাইৰাছ সংক্ৰমিত নহয়। গো-মূত্ৰ-সুৰাপান কৰ’ণা ভাইৰাছৰ প্ৰতিষেধক কেতিয়াও নহয় বুলি মন্তব্য বিশিষ্ট চিকিৎসক ইলিয়াছ আলীৰ। সকলো ৰাইজকে সচেতন তথা সতৰ্ক থাকিবলৈ আহ্বান জনোৱাৰ লগতে সঘনে হাত পৰিস্কাৰ আৰু মাক্স ব্যৱহাৰ কৰিবলৈও পৰামৰ্শ দিয়ে ডাঃ আলীয়ে।

Comments (0)
Add Comment