ক’ৰোনা ভাইৰাছৰ আতংকত গুৱাহাটীত অ’লা–উবেৰ চালকৰ দুর্ভোগ

নিয়মীয়া বার্তা, ২০মার্চঃ ৰাজ্যজুৰি এতিয়া ক’ৰোনা আতংক৷ ব্যৱসায়–বাণিজ্যৰ পৰা প্রশাসন যন্ত্রলৈ পৰিছে ক’ৰোনা ভাইৰাছৰ প্রভাৱ৷ ক’ৰোনাৰ প্রভাৱৰ পৰা এতিয়া হাত সাৰিব পৰা নাই ৰেপিড’–’লা–উবেৰ সেৱাও৷ ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাই এতিয়া চিন্তাত পেলাইছে অ’লা–উবেৰ–ৰেপিড’চালকসকলক৷ বিগত পাঁচটা দিন ধৰি অন্য দিনতকৈ ক্রমান্বয়ে হ্রাস পাবলৈ ধৰিছে গ্রাহকৰ সংখ্যা৷ পূর্বতকৈ ৫০ শতাংশ হ্রাস পাইছে কেব আৰু ৰেপিড’ গ্রাহকৰ সংখ্যা৷ আনকি এতিয়া যাত্রীৰ বাবে বহু সময় ধৰি অপেক্ষা কৰি থাকিবলগীয়া হৈছে অ’লা–উবেৰৰ চালকসকলে৷ আনহাতে, ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ পৰা ৰক্ষা পাবলৈ বিভিন্ন ধৰণৰ সাৱধানতা অৱলম্বন কৰিছে কেব চালকসকলে৷ চালকসকলে গাড়ীত পানীৰ বটল, হেণ্ড ছেনিটাইজাৰ ৰখাৰ ব্যৱস্থা কৰিছে৷ কেবচালক সন্থাৰ সভাপতি ইব্রাহিম আলীয়ে ‘নিয়মীয়া বার্তা’ক জানিবলৈ দিয়া মতে, কেবচালকসকলে গাড়ী চলাই পৰিয়াল পোহপাল দি আহিছে৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ পৰা চালক আৰু যাত্রীসকলক ৰক্ষা কৰাৰ বাবে প্রয়োজনীয় সতর্কতামূলক সকলো ব্যৱস্থা গ্রহণ কৰিছে চালকসকলে৷

Comments (0)
Add Comment