খাদ্য–কৰিড’ৰ–আশ্রয়স্থলৰ সংকটত নাহৰফুটুকী

বনাঞ্চল ধ্বংসৰ পৰিণতিঃ সহজ চিকাৰ বিচাৰি মহানগৰীৰ জনাঞ্চললৈ বন্যপ্রাণী

নিয়মীয়া বাৰ্তা, ২৬ ডিচেম্বৰঃ গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলত বিগত সময়ছোৱাত সঘনাই আৱির্ভাৱ হৈছে নাহৰফুটুকীৰ ৷ পাণ্ডু, মালিগাঁও, নীলাচল পাহাৰ, আদিংগিৰি, মাধৱদেৱ নগৰ, লংকেশ্বৰ, অসম অভিযান্ত্রিক মহাবিদ্যালয়, সাতমাইলৰ পৰা অসম আৰক্ষী অনাতাঁৰ সংগঠনৰ প্রশিক্ষণ বিদ্যালয়লৈ যোৱা পথছোৱাত সঘনাই নাহৰফুটুকীৰ আগমনে ৰাইজক আতংকিত কৰি তুলিছে ৷ মঙলবাৰে নিশা প্রায় ৯ বজাত সাতমাইলৰ অসম আৰক্ষী অনাতাঁৰ সংগঠনৰ প্রশিক্ষণ বিদ্যালয়ৰ সমীপত পথৰ দাঁতিত তিনিটা পোৱালিৰ সৈতে এটি প্রকাণ্ড নাহৰফুটুকী ঘূৰি ফুৰা কেইবাজনো লোকে প্রত্যক্ষ কৰে ৷ কিছুদিন পূর্বে জালুকবাৰীৰ অসম অভিযান্ত্রিক মহাবিদ্যালয় চৌহদত নাহৰফুটুকীৰ আক্রমণত এজন ছাত্র আহত হোৱাৰ লগতে ৰাইজৰ আক্রমণত এটি নাহৰফুটুকীৰ মৃত্যু হয়৷ তীব্র খাদ্য সংকটত ভোগা নাহৰফুটুকীয়ে ফুট গধূলিতে জনাঞ্চলত প্রৱেশ কৰি কুকুৰ, মেকুৰী, ছাগলী আদি চিকাৰ কৰি লৈ যোৱা এতিয়া সাধাৰণ ঘটনাত পৰিণত হৈছে ৷

কার্যতঃ খাদ্য, কৰিড’ৰ আৰু আশ্রয়স্থলৰ সংকটৰ বাবেই বনৰজাই আৱাসিক এলেকাত প্রৱেশ কৰা বুলি একাংশ নাগৰিকে মত ব্যক্ত কৰে ৷ উল্লেখ্য যে মহানগৰীৰ চৌদিশে আছে ওঠৰখন সৰু–বৰ পাহাৰ৷ কিছু দশক পূর্বে মহানগৰীৰ এই পাহাৰবোৰত হৰিণ, শহা, নাহৰফুটুকী, লতামাকৰি, জহামাল আদিকে ধৰি বিভিন্ন প্রজাতিৰ মেকুৰীজাতীয় বন্যপ্রাণীয়ে বসবাস কৰিছিল ৷ কিন্তু একাংশ লোকে পাহাৰৰ হাবি, বন কাটি টিলালৈকে গৃহ নির্মাণ কৰাৰ ফলত বন্যপ্রাণীৰ খাদ্য, আশ্রয়স্থল সংকুচিত হৈ পৰাৰ লগতে অহা–যোৱা কৰা পথ অর্থাৎ কৰিড’ৰ বন্ধ হৈ পৰে ৷ মন কৰিবলগীয়া যে গোটানগৰ পাহাৰৰ পৰা তেতেলিয়া–নার্ছাৰী–কালাপাহাৰ হৈ অসম আৰক্ষীৰ অনাতাঁৰ সংগঠনৰ প্রশিক্ষণ মহাবিদ্যালয়ৰ সমীপৰে লংকেশ্বৰ পাহাৰলৈ নাহৰফুটুকী অহা–যোৱা কৰা এটি প্রধান পথ৷ ইতিমধ্যে গোটানগৰ পাহাৰৰ পৰা নামি অহা কেইবাটাও নাহৰফুটুকী তেতেলিয়া–নার্ছাৰীত নিশা তীব্রবেগী বাহনৰ খুন্দাত মৃত্যুমুখত পৰিছে ৷

এই সন্দর্ভত ৰাণী বনাঞ্চলিক কার্যালয়ৰ ৰেঞ্জাৰ মনোৰঞ্জন বর্মনে কয়– বর্তমান সময়ত নাহৰফুটুকীৰ পোৱালি দিয়াৰ সময় ৷ পোৱালি থকা বাবে নাহৰফুটুকীয়ে সহজ চিকাৰৰ বাবে আৱাসিক এলেকাৰ ওচৰে–পাঁজৰে অৱস্থান কৰে৷ সচৰাচৰ নাহৰফুটুকীয়ে মানুহৰ ওচৰে–পাঁজৰে থাকিয়েই ভাল পাই যদিও মানুহক আক্রমণ নকৰে ৷ অৱশ্যে আত্মৰক্ষাৰ বাবে কেতিয়াবা নাহৰফুটুকীয়ে মানুহক নখেৰে আঁচুৰি–খামুচি আক্রমণ কৰাৰ দৰে ঘটনা সংঘটিত হয় ৷ বন বিষয়াগৰাকীয়ে তাৎপর্যপূর্ণ মন্তব্য আগবঢ়াই কয় যে বাঘ পিঞ্জৰাবদ্ধ কৰি আবদ্ধ কৰি ৰখাৰ ফলত পর্যাপ্ত খাদ্য নোপোৱাৰ লগতে পদ সঞ্চালন কমি যোৱাৰ বাবে নানা ৰোগত আক্রান্ত হৈ পৰাৰ সম্ভাৱনা থাকে ৷ যদি ৰাইজ সচেতন হয় আৰু নাহৰফুটুকীৰ খাদ্য, আশ্রয়স্থল সংকুচিত নকৰাৰ লগতে অহা–যোৱা কৰা পথত বাধাৰ সৃষ্টি নকৰে, তেন্তে বাঘ–মানুহৰ সংঘাত কমি যোৱাৰ সম্ভাৱনা আছে ৷

Comments (0)
Add Comment