খানাপাৰাত জব্দ বুজন পৰিমাণৰ মেঘালয়ৰ সুৰা

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আন্দোলনে গুৱাহাটী মহানগৰীত জটিল পৰিস্থিতিৰ সৃষ্টি কৰাৰ পাছত নিৰাপত্তা বাহিনী যথেষ্ট সষ্টম হৈ উঠিছে ৷ মহানগৰীত সুৰাৰ বিপণীসমূহ বন্ধ থকাৰ বাবে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰা একাংশ লোকে বিলাতী সুৰা ক্রয় কৰিছে ৷

সান্ধ্য আইন শিথিল কৰাৰ পাছত গুৱাহাটীৰ সুৰাৰ বিপণী নোখোলাৰ বাবে খানাপাৰাত মেঘালয়ৰ সুৰা বিপণীত অসমৰ মানুহে ভিৰ কৰে ৷

আনহাতে, বহুতেই ক’লা বজাৰত এই সুৰা বিক্রী কৰাৰ বাবে মেঘালয়ৰ বিপণীৰ পৰা ক্রয় কৰি আনে ৷

শনিবাৰে নিশা প্রায় ৯ বজালৈ কামৰূপ সদৰ আবকাৰী বিভাগে চলোৱা অভিযানত মেঘালয়ৰ পৰা ক্রয় কৰা বৃহৎ পৰিমাণৰ সুৰা জব্দ কৰিবলৈ সক্ষম হয় ৷

কামৰূপ (ম) জিলাৰ উপ–আবকাৰী অধীক্ষক অনন্ত কলিতাই ‘নিয়মীয়া বার্তা’ক জানিবলৈ দিয়া মতে চৰকাৰৰ নির্দেশ অনুসৰি মহানগৰীৰ আইন–শৃংখলাজনিত পৰিস্থিতি সুস্থিৰ কৰি ৰাখিবলৈ বিগত দুটা দিন ধৰি খানাপাৰাত সুৰাবিৰোধী অভিযান চলোৱা হৈছে ৷ এই অভিযানত বৃহৎ পৰিমাণৰ মেঘালয়ৰ পৰা ক্রয় কৰা সুৰা আবকাৰী বিভাগে জব্দ কৰিবলৈ সক্ষম হৈছে ৷

Featured
Comments (0)
Add Comment