গড়ভাংগাত খাদ্য সামগ্ৰী বিতৰণ ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ

নিয়মীয়া বাৰ্তা ৪ এপ্ৰিলঃ কামৰূপ মহানগৰ জিলাৰ ভিতৰতে অতি দুৰ্গম বুলি পৰিচিত অসম-মেঘালয় সীমান্তৰ আৰু মহানগৰীৰ লখৰাৰ পৰা প্ৰায় ২০ কিলোমিটাৰ জিলাৰ পশ্চিম
গুৱাহাটী বিধানসভা সমষ্টিৰ অন্তৰ্গত গড়ভাংগা বনাঞ্চলৰ ১৬ খন গাঁৱৰ পৰিয়াল লকডাউন সময়ছোৱাত সময়ছোৱাত যাতে অনাহাৰে থাকিব নালাগে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে গুৱাহাটিৰ বেতকুছিস্থিত ৰয়েল গ্ৰুপ আৰু স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। বিধায়ক গৰাকীৰ অনুৰোধ মৰ্মে সমষ্টিটোৰ বিভিন্ন প্ৰান্তত বিগত দিনকেইটাত ৮০০ৰো অধিক দুখীয়া পৰিয়ালক ৰয়েল গ্ৰুপে চাউল, দাইল, আলু,পিঁয়াজ, মিঠাতেলকে ধৰি খাদ্য সামগ্ৰী ঘৰে ঘৰে বিতৰণ কৰিছে। আনহাতে বিধায়ক কলিতাৰ অনুৰোধ মৰ্মে ৰয়েল গ্ৰুপে গড়ভাংগা বনাঞ্চলৰ দুৰ্গম অঞ্চলৰ ১৬ খনৰ ৫০০ টা পৰিয়ালক খাদ্য সামগ্ৰী যোগান ধৰিছে। ২ এপ্ৰিলত গড়ভাংগা প্ৰাথমিক বিদ্য়ালয় চৌদহত খাদ্য বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিধায়ক ৰমেন নাৰায়ণ কলিতাই।

Comments (0)
Add Comment