গুৱাহাটীৰ ৰাজপথত ক’ৰ পৰা আহিল ঊনবিংশ শতিকাৰ এই সমূহ গাড়ী !!!

নিয়মীয়া বাৰ্তা, ২৬ জানুৱাৰীঃ গণৰাজ্য দিৱসৰ দিনা মহানগৰীৰ ৰাজপথত উলিওৱা হয় ভিণ্টেজ কাৰ ৰেলী । প্ৰতি বছৰৰ দৰে এইবাৰো প্ৰদৰ্শন কৰা হয় ১৯১৯ চনৰ পৰা ১৯৭০ চনৰ মডেলৰ বিভিন্ন গাড়ী আৰু বাইক ।

এই ভিণ্টেজ কাৰ ৰেলীৰ উদ্বোধন কৰে অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই ।

lambretta স্কুটাৰৰ গৰাকী ইছমাইল আলী

গুৱাহাটীৰ চানমাৰী অভিযান্ত্ৰিক খেলপথাৰৰ পৰা আৰম্ভ হোৱা এই ৰেলী গণেশগুৰি চাৰাউগী পেট্ৰ’ল পাম্প হৈ পুনৰ চানমাৰী অভিযান্ত্ৰিক খেলপথাৰত অন্ত পৰে ।

এই ভিণ্টেজ কাৰ ৰেলীত অংশ লয়– Morris, Beetle, Yezdi Motorcycle, Bobby Motorcycle, Fiat, Lambretta Scooter, DeSoto car আৰু Roadster ৰ দৰে গাড়ীয়ে ।

Comments (0)
Add Comment