গুৱাহাটী মহানগৰীত সান্ধ্য আইন প্রত্যাহাৰ

নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন (কা) প্রত্যাহাৰৰ দাবীত যোৱা ৯ ডিচেম্বৰৰ পৰা আইন–শৃংখলাজনিত পৰিস্থিতিৰ অৱনতি ঘটিছে ৷ যোৱা ১১ ডিচেম্বৰত আইন–শৃংখলাজনিত পৰিস্থিতিৰ অধিক অৱনতি ঘটাত পৰিস্থিতি নিয়ন্ত্রণৰ বাবে গৃহ বিভাগে গুৱাহাটী মহানগৰীত অনির্দিষ্ট কাললৈ সান্ধ্য আইন জাৰি কৰাৰ লগতে সেনাই ফ্লেগ মার্চ কৰে ৷ সান্ধ্য আইন ওফৰাই গুৱাহাটী মহানগৰীত জনতাই ‘কা’বিৰোধী প্রতিবাদ অব্যাহত ৰাখিছিল ৷ অৱশ্যে পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি গৃহ বিভাগে ১৪ ডিচেম্বৰত ৭ ঘণ্টাৰ বাবে ১৫ ডিচেম্বৰত ৯ ঘণ্টাৰ বাবে আৰু ১৬ ডিচেম্বৰত পুৱা ৬ বজাৰ পৰা নিশা ৯ বজালৈ সান্ধ্য আইন শিথিল কৰিছিল ৷ ১৭ ডিচেম্বৰৰ পৰা সান্ধ্য আইন প্রত্যাহাৰ কৰাত গুৱাহাটী মহানগৰীলৈ স্বাভাৱিক পৰিস্থিতি ঘূৰি অহা পৰিলক্ষিত হৈছে ৷

বিগত তিনিটা দিনত কেইঘণ্টামানৰ বাবে সান্ধ্য আইন শিথিল কৰাত মহানগৰীৰ ব্যৱসায়িক প্রতিষ্ঠান, শ্বপিং মল, চৰকাৰী–বেচৰকাৰী কার্যালয়সমূহৰ সৰহসংখ্যকেই বন্ধ আছিল ৷ মঙলবাৰৰ পৰা সান্ধ্য আইন প্রত্যাহাৰ কৰাত পুৱাৰে পৰা চিটীবাছসমূহ চলাচল কৰাৰ লগতে ব্যৱসায়িক–প্রতিষ্ঠা, শ্বপিং মল, চৰকাৰী–বেচৰকাৰী কার্যালয়সমূহলৈ পূর্বৰ দৰেই কর্মচাৰীসকল আহে ৷ ব্যৱসায়িক প্রতিষ্ঠান আৰু শ্বপিং মলসমূহতো বজাৰ কৰিবলৈ গ্রাহকসকলে ভিৰ কৰা পৰিলক্ষিত হয় ৷

ইফালে, ব্রডবেণ্ড ইণ্টাৰনেট সেৱা আৰম্ভ কৰাত বেংক, চৰকাৰী–বেচৰকাৰী কার্যালয়সমূহত কর্মচাৰীসকলে আজি সুচাৰুৰূপে কাম সম্পাদন কৰিব পাৰে৷ অৱশ্যে এতিয়াও চৰকাৰে ম’বাইল ইণ্টাৰনেট সেৱা বন্ধ কৰি ৰখাত অনলাইন ব্যৱসায়, ছ’চিয়েল মিডিয়াকে ধৰি ম’বাইল ইণ্টাৰনেটৰ ওপৰত নির্ভৰশীল লোকসকল অসুবিধাৰ সন্মুখীন হৈ আহিছে৷ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীত চলি থকা ‘কা’বিৰোধী প্রতিবাদৰ মাজতো সান্ধ্যআইন প্রত্যাহাৰৰ পিছতে মহানগৰীত স্বাভাৱিক জীৱনযাত্রা পুনৰ আৰম্ভ হৈছে ৷

Featured
Comments (0)
Add Comment