চকলেট আৰু ফুল লৈ অজান দেশলৈ গ’লগৈ ঈশান-ইভান

নৱগ্ৰহ শ্মশানত শেষকৃত্য ঈশান-ইভানৰ

নিয়মীয়া বাৰ্তা, ২৪ জানুৱাৰীঃ বৃহস্পতিবাৰে সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডত ভাতৃ ঈশানৰ বোকোচাত উঠিয়েই গ’লগৈ ইভান। নবগ্ৰহ শ্মশানত শোকাকুল পৰিৱেশত সকলোৱে অশ্ৰুসিক্ত নয়নৰে বিদায় দিলে ঈশান-ইভানক। এক বৰ্ণনাতীত পৰিৱেশত পিতৃ তুষাৰ গোস্বামীয়ে মুখাগ্নি কৰিলে দুই পুত্ৰক। চকলেট আৰু ফুল লৈ অজান দেশলৈ গ’লগৈ দুই ভাতৃ। দপদপকৈ জ্বলি উঠা দুকুৰা চিতাৰ জুইয়ে যেন দহি নিছিল প্ৰতিজন লোকক।

             ঈশান আৰু ইভানৰ মৃত্যুত  সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পৰিছে। জুয়ে আগুৰি ধৰা অৱস্থাত জুইৰ পৰা বাচিবলৈ বিচনাৰ তলত সোমাই পৰিছিল কণমানি দুটি। বিচনাৰ তলত সাবটা-সাবটি অৱস্থাতে অগ্নিদগ্ধ হৈ মৃত্যুক সাৱতি লৈছিল কণমানি দুটিয়ে। ইয়াতকৈ আৰু মৰ্মান্তিক কি হ’ব পাৰে। সকলোৱে এগচি বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে দুই নিস্পাপ আত্মাক।

                    কণমানি ঈশানৰ কথা কৈ আৱেগিক হৈ পৰিল শ্ৰীমন্ত শংকৰ একাডেমীৰ সকলো কৰ্তৃপক্ষ। আজি বিদ্যালয় বন্ধ ঘোষণা কৰে কৰ্তৃপক্ষই। মেধা সম্পন্ন ঈশান আছিল তৃতীয়মানৰ ছাত্ৰ।

দেশলৈ গ'লগৈ ঈশান-ইভান
Comments (0)
Add Comment