দিছপুৰ আৰক্ষীৰ জালত দুই প্রৱঞ্চক

নিয়মীয়া বাৰ্তা, ১৮ মার্চঃ বহিঃৰাজ্যৰ প্রতিষ্ঠানত চাকৰি দিয়াৰ প্রলোভনেৰে মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্রান্তত শতাধিক নিবনুৱা যুৱক–যুৱতীৰ পৰা ধন সংগ্রহ কৰাৰ অভিযোগত দিছপুৰ আৰক্ষীয়ে সোমবাৰে দুজন যুৱকক গ্রেপ্তাৰ কৰে ৷ ধৃত যুৱক দুজন নাৰেংগী ফৰেষ্টগেটৰ ভাস্কৰজ্যোতি দাস আৰু আতিকুল হুছেইন৷ একাংশ ভুক্তভোগী নিবনুৱা যুৱক–যুৱতীয়ে দিছপুৰ থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে সোমবাৰে লাষ্টগেটৰ পৰা অভিযুক্ত যুৱক দুজনক গ্রেপ্তাৰ কৰে ৷ উল্লেখ্য যে কলকাতাৰ এটা ব্যক্তিগত প্রতিষ্ঠানৰ পৰিচালন সঞ্চালক মোহিত কুমাৰ আৰু বিষয়া ছমিৰ আহমেদৰ নেতৃত্বত প্রৱঞ্চকৰ দলটোৱে গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্রান্তত প্রৱঞ্চনাৰ জাল পেলাই প্রায় ১৪০গৰাকী নিবনুৱা যুৱক–যুৱতীৰ পৰা প্রায় ৩৫ লাখ টকা সংগ্রহ কৰে ৷

Comments (0)
Add Comment