দীপৰ বিলৰ ভূমিত পকী দেৱাল নির্মাণ বণিয়াৰ

বন বিভাগ–জিলা প্রশাসনৰ বিষয়াৰে গোপন বুজাবুজি

নিয়মীয়া বার্তা, ১৯ মার্চঃ অসমৰ একমাত্র পক্ষী অভয়াৰণ্য তথা ৰামচাৰ ছাইটখ্যাত দীপৰ বিলখনৰ অস্তিত্বৰ প্রতি তীব্র ভাবুকি কঢ়িয়াই আনিছে এচাম অসাধু চক্রই ৷ ৰাজ্য চৰকাৰৰ দায়িত্ববাহী বিভাগসমূহৰ নির্লিপ্ত ভূমিকাৰ বাবে আৰু বিভিন্ন পাৰিপার্শ্বিক কাৰণত দীপৰ বিলৰ পানী প্রদূষণৰ কবলত পৰিছে ৷ শেহতীয়াভাৱে দুজন অনা অসমীয়া লোকে দীপৰ বিলৰ পাৰতে প্রায় তিনি বিঘা মাটিত নির্মাণ কার্য চলাই থকা ঘটনাই ৰাইজৰ মাজত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি কৰিছে ৷ স্থানীয় সচেতন ৰাইজে কৰা অভিযোগ অনুসৰি দীপৰ বিলৰ পাৰৰ মিকিৰপাৰাত জৈন উপাধিৰ দুজন লোকে প্রায় তিনি বিঘা মাটিত পকী দেৱাল দিয়াৰ কাম চলাই আছে ৷ ৰাইজে জানিবলৈ দিয়া মতে উক্ত তিনি বিঘা মাটিৰ অর্ধেক অংশই দীপৰ বিলৰ চৰকাৰী মাটি ৷ বর্তমান খৰালি কাল বাবে বিলৰ পানী শুকাই গৈছে যদিও বাৰিষা সময়ত বর্তমান নির্মাণ কার্য চলাই থকা অংশখিনি দীপৰ বিলৰ পানীত বুৰ গৈ থাকে ৷ অনা অসমীয়া লোক দুজনক এই কার্যত সহযোগিতা আগবঢ়াই আহিছে হালৈ উপাধিৰ এজন স্থানীয় যুৱকে৷ মন কৰিবলগীয়া যে উক্ত অংশখিনি পকী দেৱালেৰে ঘেৰি পেলালে দীপৰ বিলৰ পৰিসৰ কমি যোৱাৰ লগতে বাৰিষাৰ সময়ত বিলখনৰ মাছ, কাছ তথা চৰাইৰ ঘূৰা–ফুৰাত ব্যাঘাত জন্মিব৷ উল্লেখ্য যে ভাৰতবর্ষৰ প্রাকৃতিক জলাশয়ৰ ভিতৰত অন্যতম তথা ৰামচাৰ ছাইট খ্যাত দীপৰ বিলক বেদখলমুক্ত আৰু প্রদূষণমুক্ত কৰাৰ বাবে চৰকাৰে বিভিন্ন আঁচনি গ্রহণ কৰাৰ লগতে স্মার্ট চিটীৰ সৈতে সংলগ্ণ কৰা বুলি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে ঘোষণা কৰিছিল ৷ ইয়াৰ পিছতো দীপৰ বিলৰ বুকুত অনা অসমীয়া লোকে পকী দেৱাল নির্মাণ কৰি বিলখনৰ অস্তিত্বৰ প্রতি তীব্র ভাবুকি কঢ়িয়াই অনাৰ পিছতো বনমন্ত্রী, জিলা প্রশাসন কিম্বা বন বিভাগে বর্তমানলৈ একো ব্যৱস্থা গ্রহণ নকৰা কার্যই স্বাভাৱিকতে ৰাইজৰ মাজত সৃষ্টি কৰিছে তীব্র প্রতিক্রিয়াৰ ৷

Comments (0)
Add Comment