দুই প্রধানমন্ত্রীক আদৰিবলৈ ৰঙে–ৰূপে সজাই তোলা হৈছে মহানগৰী

১৫ আৰু ১৬ ডিচেম্বৰত গুৱাহাটীলৈ অহাৰ সম্ভাৱনা মোদীৰ লগতে জাপানৰ প্রধানমন্ত্রী শ্বিনজো আবেৰ

নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ দুজনকৈ প্রধানমন্ত্রীক আদৰিবলৈ আটকধুনীয়াকৈ সজাই–পৰাই তোলা হৈছে গুৱাহাটী মহানগৰীক৷ ১৫ আৰু ১৬ ডিচেম্বৰত হ’ব লগা ইণ্ডো–জাপান বার্ষিক সন্মিলনৰ মাজতে জাপানৰ প্রধানমন্ত্রী শ্বিনজো আবেৰ সৈতে প্রধানমন্ত্রী নৰেন্দ্র মোদী গুৱাহাটীলৈ অহাৰ সম্ভাৱনা আছে৷ ইয়াৰ বাবেই নতুন ৰূপত সজাই–পৰাই তোলা হৈছে গুৱাহাটী মহানগৰীক৷ ৰাজ্য চৰকাৰৰ নির্দেশ মর্মে যুদ্ধকালীন তৎপৰতাৰে জি এম চি, জি এম ডি এ, এ পি ডি চি এল, জিলা প্রশাসনকে ধৰি বিভিন্ন বিভাগে দিনে–নিশাই নিজৰ নিজৰ দায়িত্ব পালনত ব্যস্ত হৈ পৰিছে৷ মহানগৰীৰ পথ–উপপথৰ লগতে পথসমূহত চূণ–তেল সানি সজাই–পৰাই তুলিছে৷ তদুপৰি বছৰৰ পিছত বছৰ ধৰি বিকল হৈ থকা ষ্ট্রীটলাইটসমূহো মেৰামতি কৰি ৰং–বিৰঙী আলোকসজ্জাৰে সজাই–পৰাই তুলিছে মহানগৰীখনক৷ গুৱাহাটী মহানগৰীৰ প্রতিখন উৰণীয়া সেতুৰ লগতে ডিভাইডাৰসমূহত শাৰী শাৰীকৈ ৰং–বিৰঙৰ ফুলৰ টাব, গছপুলি ৰোপণ কৰি সেউজীয়া কৰি তোলা হৈছে৷ মাছখোৱাৰ লাচিতৰ প্রতিমূর্তিত ৰং সনাৰ লগতে মাছখোৱাত দুই প্রধানমন্ত্রীৰ নৌকা বিহাৰৰ বাবে ঘাট নির্মাণ কৰা হৈছে৷ লক্ষণীয় যে ভি ভি আই পিৰ আগমন হ’লেই ৰাজকোষৰ ধন ব্যয় কৰি এনেদৰে যুদ্ধকালীন তৎপৰতাৰে গুৱাহাটী মহানগৰীক সজাই–পৰাই তোলা হয়৷ মহানগৰীৰ উন্নয়নমূলক আঁচনিসমূহ ৰূপায়ণ কৰাত ব্যর্থ হোৱা বিভাগসমূহেও যুদ্ধকালীন কর্মতৎপৰতা প্রদর্শন কৰি নিজৰ দায়িত্ব পালন কৰে৷ দুই প্রধানমন্ত্রীক আদৰিবলৈ গুৱাহাটী মহানগৰীৰ নতুন ৰূপ দেখি একাংশ লোকে ৰাজধানী চহৰখনলৈ প্রতি মাহে ভি ভি আই পিক আনিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনাইছে৷ জাপানৰ প্রধানমন্ত্রীৰ আগমনে উত্তৰ–পূর্বাঞ্চলৰ অর্থনৈতিক ভেটি টনকিয়াল কৰাৰ সম্ভাৱনা আছে৷ ড’নাৰ মন্ত্রালয়ে প্রকাশ কৰা তথ্য অনুসৰি জাপানে উত্তৰ–পূর্বাঞ্চলত ১৩ হাজাৰ কোটি টকা বিনিয়োগ কৰাৰ বাবে ইচ্ছুক৷ যদিহে গুৱাহাটীলৈ ১৫ অথবা ১৬ ডিচেম্বৰত প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু জাপানৰ প্রধানমন্ত্রী শ্বিনজু আবে আহে, তেন্তে উত্তৰ–পূর্বাঞ্চলত জাপানৰ বিনিয়োগৰ বাট মুকলি হোৱাৰ সম্ভাৱনা আছে৷ দুই প্রধানমন্ত্রীৰ অসম ভ্রমণক লৈ নতুন ৰূপত ৰং–বিৰঙী আলোকসজ্জাৰে মহানগৰীৰ বিভিন্ন স্থান সজাই তোলাৰ লগতে জিলা প্রশাসন, মহানগৰ আৰক্ষী, নদী আৰক্ষীয়ে সুৰক্ষাৰ দিশটো তন্ন তন্নকৈ পৰীক্ষা কৰিছে৷ দিনে–নিশাই মহানগৰ আৰক্ষীয়ে অর্ধ সামৰিক বাহিনীৰ সহযোগত মহানগৰীৰ বিভিন্ন স্থানৰ লগতে গুৱাহাটীৰ প্রৱেশ আৰু প্রস্থান পথত নিশ্ছিদ্র নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে৷

Featured