“নাগৰিকত্ব বিধেয়কৰ অচিলা লৈ অসমত ভ্রাতৃঘাতী সংঘাতৰ চক্রান্ত ৰচিছে অখিলে”-সুকুমাৰ বিশ্বাস

নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰঃ বহুপ্রত্যাশিত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ উমান পাই কৃষক মুক্তি সংগ্রাম সমিতিৰ নেতা অখিল গগৈয়ে সংবাদ মেলযোগে কৰা মন্তব্যৰ তীব্র প্রতিক্রিয়া ব্যক্ত কৰিছে বাঙালী যৌথ সমন্বয় সমিতি, অসমৰ সভাপতি সুকুমাৰ বিশ্বাসে ৷ এক বিবৃতিত সভাপতিগৰাকীয়ে কয়– সংবাদ মেলত অখিল গগৈয়ে বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ গৈ কেতবোৰ মনেসজা কথা ব্যক্ত কৰি অসমত এক ভাতৃঘাতী সংঘর্ষৰ সূত্রপাত ঘটাবলৈ উঠিপৰি লাগিছে ৷ বিধেয়কখন গৃহীত হ’লে অসমত বিশ লাখ হিন্দু বাংলাদেশীয়ে নাগৰিকত্ব লাভ কৰিব ৷ ইয়াৰ দ্বাৰা অখিল গগৈয়ে অসম আৰক্ষীৰ সীমান্ত শাখাক উপলুঙা কৰিছে ৷ আমি পূর্বতেই কৈছো যে ১৯৭১ চনৰ পাছত কোনো হিন্দু বাংলাদেশৰ পৰা অহা নাই ৷ নেহৰু–লিয়াকত চুক্তি আৰু ইন্দিৰা–মুজিব চুক্তি মতেহে তেওঁলোকে ভাৰতৰ নাগৰিকত্ব লাভ কৰিছে ৷ তদুপৰি ধর্মৰ ভিত্তিত হোৱা দেশ বিভাজনৰ বলি হোৱা হিন্দুসকল ভাৰতৰ ভূমিপুত্র ৷ ভূমিপুত্রৰ ৰক্ষণাবেক্ষণৰ সম্পূর্ণ দায়িত্ব ৰাষ্ট্রৰ ৷ সেই দায়িত্ব ৰাষ্ট্রই পালন কৰাটো ৰাষ্ট্রৰ ধর্ম বুলিও বিশ্বাসে দৃঢ়তাৰে কয় ৷ আনহাতে, সংবাদ মেলতে অখিল গগৈয়ে কেব গৃহীত হ’লে বাংলাদেশৰ পৰা এক কোটি সত্তৰ লাখ বাংলাদেশী হিন্দু আহিব বুলি যি উৰাবাতৰি বিয়পাই আছে, সেয়া অসমৰ বাবে শুভ লক্ষণ নহয় বুলি মন্তব্য কৰে ৷ ইয়াৰ উপৰি ৰাজ্যৰ প্রভাৱশালী মন্ত্রী হিমন্ত বিশ্ব শর্মাক ধুৰন্ধৰ, মিছলীয়া বুলি অখিল গগৈয়ে কৰা অশোভনীয় বক্তব্যৰো তীব্র প্রতিক্রিয়া ব্যক্ত কৰে চৈধ্যটাকৈ বাঙালী জাতীয় সংগঠনৰ উমৈহতীয়া মঞ্চ বাঙালী যৌথ সমন্বয় সমিতি, অসমৰ সভাপতি সুকুমাৰ বিশ্বাসে ৷ বিশ্বাসে কয় যে হিমন্ত বিশ্ব নহয়, অখিল গগৈকহে ধুৰন্ধৰ আৰু মিছলীয়া বুলি অসমবাসীয়ে জানে ৷ সুকুমাৰ বিশ্বাসে কয় যে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ দৰে জাতীয় নেতা আৰু হিমন্ত বিশ্ব শর্মাৰ দৰে হিন্দুদৰদী নেতা যি ৰাজ্যৰ প্রতিনিধি, সেই ৰাজ্যৰ কোনোদিনে ক্ষতি নহ’ব বুলি ৰাজ্যবাসী দৃঢ়বিশ্বাসী ৷

Featured