নাৰেংগীত ৰে’লৰ চেপাত মহিলাৰ মৃত্যু

নিয়মীয়া বার্তা, ১৮ মার্চঃ মহানগৰীৰ নাৰেংগী ষ্টেচনৰ সমীপত মঙলবাৰে ৰে’লৰ চেপাত এগৰাকী মহিলাৰ মৃত্যু হয় ৷ মৃত মহিলাগৰাকী গোৱালপাৰা জিলাৰ কৃষ্ণাই থানাৰ অন্তর্গত বিদ্যাপাৰা গাঁৱৰ আছান আলীৰ পত্নী ছকিনা বেগম (৫৫) বুলি চিনাক্ত কৰা হৈছে ৷ আৰক্ষী সূত্রে জানিব পৰা মতে মহিলাগৰাকীয়ে মঙলবাৰে বিয়লি প্রায় ৪.৩০ বজাত ৰে’লপথ অতিক্রম কৰি থকাৰ সময়তে পিছলি পৰে ৷ ৰে’লপথৰ ওপৰত বাগৰি পৰি উঠিবলৈ চেষ্টা কৰে যদিও উঠিব পৰা নাছিল ৷ পিছত মহিলাগৰাকীয়ে চিঞৰ–বাখৰ কৰি থকাৰ সময়তে নামনিমুৱা কপিলী এক্সপ্রেছৰ চেপাত মহিলাগৰাকী গুৰুতৰভাৱে আহত হয় ৷ আহত মহিলাগৰাকীক ৰে’ল আৰক্ষীয়ে ততাতৈয়াকৈ হাস্পতাললৈ প্রেৰণ কৰে যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷ মৃৃতদেহটো আৰক্ষীয়ে জি আৰ পি থানাৰ মর্গত ৰাখি পৰিয়ালৰ লোকৰে যোগাযোগ কৰিছে ৷ উল্লেখ্য যে মহিলাগৰাকীয়ে নাৰেংগীত ভাৰাতীয়া হিচাপে বাস কৰি আছিল ৷

Comments (0)
Add Comment