নাৰেংগীৰ সেনা ছাউনীত গজৰাজৰ তাণ্ডৱ

নিয়মীয়া বাৰ্তা, ২৮ নৱেম্বৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাত অব্যাহত থকাৰ মাজতে বুধবাৰে মহানগৰীৰ নাৰেংগী সেনা ছাউনীত এটা বনৰীয়া হাতীয়ে উপদ্ৰৱ চলায় । খাদ্যৰ সন্ধানত সন্ধিয়া আমচাং অভয়াৰণৰ পৰা ওলাই অহা প্ৰকাণ্ড বনৰীয়া হাতীটো নাৰেংগী সেনা ছাউনীৰ কেণ্টিনত প্ৰৱেশ কৰি খাদ্য-সামগ্ৰী নষ্ট কৰাৰ লগতে আচবাব পত্ৰ লণ্ডভণ্ড কৰে । অৱশ্যে পিছত সেনা জোৱান আৰু কেণ্টিনৰ কৰ্মচাৰীসকলে জুই জ্বলাই হাতীটো খেদি পঠিয়াবলৈ সক্ষম হয় । উল্লেখ্য যে বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধ কৰাৰ বাবে সেনা ছাউনীৰ জোৱানসকলে পূৰ্বে লোহাৰ বেৰ নিৰ্মাণ কৰিছিল । লগতে সেই বেৰত ইতিমধ্যে কেইবাটাও হাতী আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে ।

Featured