নাৰেংগী সেনা ছাউনীত বন্যহস্তীৰ আতংক

ভগা দেৱালেৰে জনাঞ্চলত প্রৱেশ কৰা বন্যপ্রাণীক বাধা দিয়াৰ ব্যৱস্থা কৰা নাই বন বিভাগে

নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ ৰাজ্যত অব্যাহত আছে হাতী–মানুহৰ সংঘাত ৷ হাতী–মানুহৰ সংঘাতে ক্রমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰাত ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্রান্তত কেইবাজনো লোকৰ মৃত্যু হৈছে আৰু আন বহুতো লোক আহত হৈছে ৷ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বনৰীয়া হাতীৰ আক্রমণত বহু লোকে প্রাণ হেৰুৱাবলগীয়া হোৱাৰ লগতে বহু কৃষিভূমি হাতীৰ উপদ্রৱত বিনষ্ট হৈছে ৷ হাতী–মানুহৰ সংঘাতে ক্রমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে যদিও বন বিভাগে এইক্ষেত্রত বিহিত ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই ৷

বিশেষকৈ মহানগৰীৰ পার্শ্বৱর্তী আমচাং অভয়াৰণ্যৰ পৰা নিতৌ জাকে জাকে বনৰীয়া হাতী জনাঞ্চললৈ ওলাই আহি দাঁতিকাষৰীয়া অঞ্চলত উপদ্রৱ চলায় ৷ নাৰেংগী সেনা ছাউনীকে ধৰি বৃহত্তৰ পাঞ্জাবাৰী, চন্দ্রপুৰ, পাথৰকোৱেৰী আৰু পানীখাইতী অঞ্চলত প্রায়ে আমচাঙৰ পৰা বনৰীয়া হাতী ওলাই আহি জনাঞ্চলত প্রৱেশ কৰে ৷ স্থানীয় লোকে বন বিভাগক খবৰ দিয়াৰ পিছতো ঘণ্টাৰ পিছত ঘণ্টা ধৰি ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত নোহোৱাত ৰাইজে জুই জ্বলাই, ফটকা ফুটাই হাতী খেদাৰ চেষ্টা কৰে ৷ অৱশ্যে বহু সময়ৰ পিছতো আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত নোহোৱা বুলি ৰাইজে অভিযোগ কৰে ৷

বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হোৱাৰ পূর্বেই বনৰীয়া হাতীয়ে আমচাঙৰ দাঁতিকাষৰীয়া অঞ্চলৰ ক্ষতি কৰা দেখা গৈছে ৷ ভুক্তভোগী লোকে এইক্ষেত্রত বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ বন বিভাগক দাবী জনাই আহিছে যদিও বন বিভাগৰ লোকে মৌনতা অৱলম্বন কৰি আহিছে৷ প্রাপ্ত খবৰ মতে, নাৰেংগী সেনা ছাউনীৰ সীমাৰ ভগা দেৱালৰ ফাঁকেৰে পাঞ্জাবাৰীলৈ ওলাই আহে বনৰীয়া হাতী ৷ নিশাৰ ভাগত সাতগাঁৱত থকা সেনা ছাউনীৰ দেৱাল অতিক্রম কৰি প্রায়ে জনাঞ্চলত বনৰীয়া হাতী প্রৱেশ কৰে৷ সেনা ছাউনীৰ ভগা দেৱাল মেৰামতিৰ বাবে স্থানীয় লোকে বিভাগীয় কর্তৃপক্ষক দাবী জনাই আহিছে যদিও বিভাগীয় কর্তৃপক্ষই বিহিত ব্যৱস্থা গ্রহণ কৰা নাই ৷ তদুপৰি সেনা ছাউনীৰ ভিতৰতো বনৰীয়া হাতীয়ে গছ–গছনি ভাঙি তহিলং কৰাৰ লগতে প্রায়ে সেনা ছাউনীৰ কেণ্টিনত প্রৱেশ কৰি খাদ্য সামগ্রী নষ্ট কৰে ৷ সেয়ে বনৰীয়া হাতীৰ উপদ্রৱ ৰোধ কৰাৰ ক্ষেত্রত বিহিত ব্যৱস্থা গ্রহণৰ বাবে আমচাঙৰ দাঁতিকাষৰীয়া লোকে বন বিভাগক দাবী জনাইছে ৷

Comments (0)
Add Comment