নিচাজাতীয় টেবলেটসহ এজনক গ্ৰেপ্তাৰ

ৰে'লযাত্ৰীক লুটপাত চলোৱাৰ অভিযোগ

গুৱাহাটী, ১২ নৱেম্বৰঃ ৰে’ল আৰক্ষীয়ে মঙলবাৰে গাজিবুৰ ফকিৰ নামৰ এজন ড্ৰাগছ আসক্ত যুৱকক গ্ৰেপ্তাৰ কৰে। ৰে’ল আৰক্ষীয়ে জানিবলৈ দিয়ামতে কিছুদিন পূৰ্বে ধৃত গাজিবুৰে গুৱাহাটীৰ পৰা শিলচৰলৈ যাত্ৰা কৰাৰ সময়ত ৰাণাধীৰ সিন্হা নামৰ এজন যুৱকক গুৱাহাটী ষ্টেচনত লগ পাইছিল। বহু সময় দুয়ো গুৱাহাটী ষ্টেচনত ৰে’লৰ বাবে অপেক্ষা কৰিছিল। এই সময়ছোৱাত ৰাণাধীৰ আৰু গাজিবুৰে হোটেলত ভাত খাই ষ্টেচনত গাজিবুৰে অনা কফী খাই দুয়ো ৰে’লত উঠে। কিছু সময়ৰ পিছতে ৰাণাধীৰ অচেতন হৈ পৰাত সুযোগ বুজি গাজিবুৰে ৰাণাধীৰৰ পৰা ২০ হাজাৰ টকা ম’বাইল ফোন আৰু সোণৰ ফুলিকে ধৰি অন্যান্য সা-সামগ্ৰী লুট কৰি পলায়ন কৰে।মঙলবাৰে ৰাণাধীৰে গুৱাহাটীলৈ আহি ষ্টেচনত ৰে’লৰ বাবে অপেক্ষা কৰি থকাৰ সময়তে গাজিবুৰক প্ৰত্যক্ষ কৰি ৰে’ল আৰক্ষীক গতাই দিয়ে। ৰে’ল আৰক্ষীয়ে ধৃত যুৱকজনৰ পৰা ৭ টা নিচাজাতীয় টেবলেট জব্দ কৰে। ভাৰতীয় দণ্ডবিধিৰ ৩২৮/৩৭৯ ধাৰাৰ অধীনত ৰুজু হোৱা ২০১/১৯ নম্বৰৰ গোচৰটোৰ ভিত্তিত ৰে’ল আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰে। মঙলবাৰে আদালতত হাজিৰ কৰাই ধৃত যুৱককেইজনক জেললৈ প্ৰেৰণ কৰা হয়।

GUWAHATIONE PERSON ARRESTEDRAIL STATION