পলিথিনেৰেও ঢাকি বচাব নোৱাৰিলে ডিভাইদাৰৰ সৌন্দৰ্য; অন্তিম ভৰসা ‘ফলক’

চাফা হৈ থকা দেখিব নোৱাৰা একাংশ চিভিক চেন্স নথকা লোকৰ পৰা কেনেকৈ ৰক্ষা পৰিব মহনগৰীৰ সৌন্দৰ্য ?

নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰঃ গুৱাহাটী মহনগৰীৰ সৌন্দৰ্যক বচাবলৈ এতিয়া দৈনিক ন ন কৌশল গ্ৰহণ কৰিছে মহানগৰ প্ৰশাসন তথা বিভাগীয় বিভাগসমূহে । সৌন্দৰ্যবৰ্ধনৰ বাবে দিন-ৰাতি একাকাৰ কৰি বিভাগীয় কৰ্তৃপক্ষই সজাইছে আপোনাৰ চহৰ গুৱাহাটীক । কিন্তু একাংশ চিভিক চেন্স নথকা লোকে পথৰ ডিভাইদাৰ, পথ-উপপথত লগোৱা চূণ-ৰঙৰ ওপৰত ৰঙা পিকেৰে ৰাঙলি কৰিছে । ইপিনে এই ৰঙা পিকৰ পৰা বাচিবলৈ ডিভাইদাৰসমূহত দুদিন পূৰ্বে লগোৱা হৈছিল পলিথিন । কিন্তু প্ৰতিভা বিকাশৰ ক্ষেত্ৰত হেঙাৰ ৰূপে থিয় দিয়া এই পলিথিনো সাৰি নগ’ল এইসকল চিভিক চেন্স নথকা লোকৰ পৰা । যাৰ বাবে উপায়ন্তৰ হৈ শুকুৰবাৰে গড়কাপ্তানী বিভাগৰ পৰা আঁৰি দিয়া হ’ল ঠায়ে ঠায়ে ডিভাইদাৰৰ ওপৰত একোখন ফলক । কিন্তু ইয়াৰ পাছতো মহানগৰ প্ৰশাসন অথবা বিভাগীয় বিভাগে কেনেদৰে মহানগৰীৰ পথ-উপপথ, অথবা ডিভাইদাৰসমূহক এইসকল চিভিক চেন্স নথকা লোকৰ পৰা ৰক্ষা কৰিব সেয়াহে পৰৱৰ্তী সময়ত সকলোৰে দৃষ্টি নিবদ্ধ হৈ থাকিব ।

Featured
Comments (0)
Add Comment