পাণ্ডুনাথ দেৱালয়ত ড০ হিমন্ত বিশ্ব শর্মাৰ জন্মদিন উদযাপন

নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰীঃ অসম চৰকাৰৰ শিক্ষা, গড়কাপ্ঢানী, স্বাস্থ্য–পৰিয়াল কল্যাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ৫১ সংখ্যক জন্মদিন শনিবাৰে গুৱাহাটীৰ পাণ্ডুস্থিত ঐতিহাসিক পাণ্ডুনাথ দেৱালয় প্রাংগণত পালন কৰা হয়৷ বন্তি প্রজ্বলনেৰে জন্মদিনৰ কার্যসূচীৰ শুভাৰম্ভ কৰে পাণ্ডু আদর্শ হাইস্কুলৰ প্রধান শিক্ষক ভূপতি শর্মাই৷ অনুষ্ঠানত পাণ্ডুনাথ দেৱালয়ৰ সম্পাদক নিমাই চন্দ্র দাস, জালুকবাৰী কেন্দ্রীয় নাগৰিক সমিতিৰ সাধাৰণ সম্পাদক দ্বিজেন লহকৰ, পাণ্ডু আদর্শ হাইস্কুলৰ শিক্ষয়িত্রী ঊষাৰাণী দাস, বিজেপি নেতা ক্রমে পিয়লা শংকৰ দে’, প্রাক্তন ডেপুটী মেয়ৰ কমল দে’, সমাজকর্মী ক্রমে ইউ ডি তৰফদাৰ, ৰীণা কাজী, প্রতিমা দে’কে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি স্থানীয় বিধায়ক তথা মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে৷

 

ভাষণ প্রসংগত কেইবাজনেও ২০০১ চনত প্রথমবাৰৰ বাবে জালুকবাৰী সমষ্টিৰ বিধায়ক হিচাপে নির্বাচিত হোৱাৰ পাছত সমষ্টিটোৰ সর্বাংগীণ বিকাশ আৰু উন্নয়নৰ বাবে ড০ হিমন্ত বিশ্ব শর্মাই নিজকে সর্বস্ব উজাৰি দিয়া বিষয়টোৰ শলাগ লৈ তেওঁৰ সুস্বাস্থ্য আৰু দীর্ঘায়ু কামনা কৰে৷ অনুষ্ঠানত অঞ্চলটোৰ শিশুসকলে ভক্তিমূলক গীত পৰিৱেশন কৰে৷ ইয়াৰ উপৰি জন্মদিনৰ লগত সংগতি ৰাখি ২৬ জানুৱাৰীত দেৱালয় প্রাংগণত ছাত্র–ছাত্রীৰ মাজত অনুষ্ঠিত চিত্রাংকন প্রতিযোগিতাৰ বিজয়ীসকলক বঁটাসমূহ বিতৰণ কৰা হয়৷ আনহাতে, নুনমাটিৰ নিজ বাসভৱনত সন্ধিয়া অনুষ্ঠিত এক চমু অনুষ্ঠানত ড০ হিমন্ত বিশ্ব শর্মাক কেক খুৱাই জন্মদিনৰ কার্যসূচীৰ শুভাৰম্ভ কৰে সহধর্মিণী ৰিণিকি ভূঞা শর্মাই৷

Comments (0)
Add Comment