পৌৰ নিগম কৰ্মচাৰীৰ অনশন

দুদিনীয়া কাৰ্যসূচীৰে অনশন পৌৰ নিগম কৰ্মচাৰীৰ

গুৱাহাটীঃ বিভিন্ন দাবীৰ সমৰ্থনত গুৱাহাটী  পৌৰ নিগম কৰ্মী সন্থাই আজিৰে পৰা দুদিনীয়াকৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছে। অস্থায়ী কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ, অৱসৰপ্ৰাপ্ত আৰু মৃত শ্ৰমিকৰ পেন্সনৰ ধন আদায় দিয়াৰ লগতে জ্যেষ্ঠতাৰ ভিত্তিত নিগমৰ খালী পদসমূহ পূৰণৰ দাবীত পৌৰ নিগম উন্নয়নৰ যৌথ মঞ্চই পৌৰ নিগমৰ মূখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

পৌৰ নিগম কৰ্মচাৰীৰ অনশন