প্লাষ্টিক–আৱর্জনাৰে ভৰিছে বশিষ্ঠ নৈ

নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰঃ পাৰিপার্শ্বিকতাৰ লগতে প্রাকৃতিক ভাৰসাম্য ৰক্ষাৰ প্রতি লক্ষ্য ৰাখি যিসময়ত দেশজুৰি প্লাষ্টিক বর্জনৰ আন্দোলন চলিছে, সেই সময়তে পেলনীয়া সামগ্রী আৰু প্লাষ্টিকেৰে ভৰি পৰিছে বশিষ্ঠ নদী ৷ একাংশ অসাধু লোকে নৈখনক ডাষ্টবিন হিচাপে গণ্য কৰি পেলনীয়া আৱর্জনা আৰু প্লাষ্টিকৰ সামগ্রী দলিয়াই পৰিৱেশ বিনষ্ট কৰাৰ লগতে নৈখনৰ পানী প্রদূষিত কৰিছে ৷ বিশেষকৈ বশিষ্ঠাশ্রমৰ বাকৰিত থকা পিকনিকস্থলীৰ সমীপত একাংশ দর্শনার্থী আৰু অসাধু ব্যৱসায়ীসকলে আৱর্জনা পেলাই মন্দিৰৰ পৰিৱেশ বিনষ্ট কৰা পৰিলক্ষিত হৈছে ৷ বশিষ্ঠ নৈত পূজা–পার্বণৰ অৱশিষ্ট সামগ্রী, জাবৰ–জোঁথৰ, প্লাষ্টিক আদি পেলালে এহাজাৰ টকা জৰিমনা বিহিব বুলি বশিষ্ঠাশ্রম দেৱালয় পৰিচালনা সমিতিয়ে ফলক আঁৰি থৈছে যদিও এই ফলকক আওকাণ কৰি একাংশ লোকে নৈৰ বুকুত প্লাষ্টিকৰ সামগ্রী দলিওৱা দেখা গৈছে ৷ বশিষ্ঠ নৈৰ শিলৰ ফাঁকে ফাঁকে পেলনীয়া আৱর্জনা আৰু প্লাষ্টিকে আৱৰি ধৰাত পানীৰ সোঁত প্রায় বন্ধ হৈ পৰিছে যদিও এইক্ষেত্রত বিভাগীয় কর্তৃপক্ষই বিহিত ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই ৷ উল্লেখ্য যে ২০২২ চনৰ ভিতৰত দেশখন প্লাষ্টিকমুক্ত কৰিবলৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেশবাসীক আহ্বান জনোৱাৰ পিছত একাংশ স্বেচ্ছাসেৱী সংগঠন আৰু ব্যক্তি–বিশেষে সজাগতা অভিযান চলাই আহিছে ৷ প্রধানমন্ত্রী মোদীৰ আহ্বান মর্মে ইতিমধ্যে বহু লোকে একক ব্যৱহার্য প্লাষ্টিক বর্জন কৰাৰ সমান্তৰালকৈ সজাগতা বৃদ্ধিৰ বাবে প্রচেষ্টা অব্যাহত ৰাখিছে ৷ এই সময়ছোৱাত বশিষ্ঠ নৈত প্লাষ্টিকৰ সামগ্রী পেলাই পৰিৱেশ বিনষ্ট কৰাত স্বাভাৱিকতেই সচেতন মহলত প্রতিক্রিয়াৰ সৃষ্টি হৈছে ৷

Comments (0)
Add Comment