প্ৰতিবাদৰ নামত হিংসাঃ চানমাৰি থানাৰ আৰক্ষীৰ ৯ জনক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ প্রতিবাদক লৈ মহানগৰীত সংঘটিত হোৱা হিংসাত্মক কার্যকলাপত জড়িত থকাৰ সন্দেহত চানমাৰি থানাৰ আৰক্ষীয়ে ৯ জন যুৱকক গ্রেপ্তাৰ কৰে ৷

চানমাৰি বিভিন্ন ৰাজপথত প্রতিবাদৰ নামত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ তদন্ত কৰি আৰক্ষীয়ে শনিবাৰে বিভিন্ন স্থানৰ পৰা যুৱক কেইজনক গ্রেপ্তাৰ কৰে ৷ সম্প্রতি ধৃত যুৱককেইজনক আৰক্ষীয়ে সোধা–পোছা অব্যাহত ৰাখিছে ৷ অৱশ্যে আৰক্ষীয়ে তদন্তৰ খাতিৰত যুৱককেইজনৰ নাম প্রকাশৰ পৰা বিৰত থাকে ৷

উল্লেখ্য যে মহানগৰীৰ হাতীগাঁও, বশিষ্ঠ আৰু দিছপুৰ আৰক্ষীয়ে শুকুৰবাৰে বিভিন্ন স্থানৰ পৰা মুঠ ২২ জনক গ্রেপ্তাৰ কৰিছিল ৷

Featured
Comments (0)
Add Comment