বাৰোৱাৰীত ৬০০ বটল ফেন্সিডাইল জব্দ লতাশিল আৰক্ষীৰ

নিয়মীয়া বাৰ্তা ১২ ফেব্রুৱাৰীঃ মহানগৰীৰ লতাশিলৰ বাৰোৱাৰীত মঙলবাৰে বিয়লি আৰক্ষীয়ে পৰিত্যক্ত অৱস্থাত পদপথৰ পৰা বৃহৎ পৰিমাণৰ ফেন্সিডাইল জব্দ কৰে৷ আৰক্ষী সূত্রই জনোৱা মতে মঙলবাৰে বিয়লি লতাশিল আৰক্ষীয়ে বাৰোৱাৰীত তালাচী চলাই আছিল৷ আৰক্ষীৰ তালাচী অভিযানৰ সময়তে পদপথত কম্বলেৰে তিনিটা কার্টন মেৰিয়াই থোৱা প্রত্যক্ষ কৰি পথচাৰীয়ে আৰক্ষীক অৱগত কৰে৷ পাছত আৰক্ষীয়ে কার্টনকেইটাৰ পৰা মুঠ ছশ বটল ফেন্সিডাইল জব্দ কৰে৷ অৱশ্যে ঘটনা সন্দর্ভত আৰক্ষীয়ে কোনো লোকক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই৷ ঘটনা সন্দর্ভত সহকাৰী আৰক্ষী আয়ুক্ত পাহাৰী কোঁৱৰে প্রতিক্রিয়া প্রকাশ কৰি কয় যে কোনো সৰবৰাহকাৰীয়ে ফেন্সিডাইলখিনি গুৱাহাটীলৈ আনিছিল৷ ৰাজপথেৰে গৈ থকা সময়ত আৰক্ষীৰ তালাচী চলি থকা প্রত্যক্ষ কৰি সৰবৰাহকাৰীয়ে পদপথত কার্টনকেইটা বাহনৰ পৰা নমাই পলায়ন কৰে৷ ঘটনা সন্দর্ভত আৰক্ষীয়ে লতাশিল থানাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ আৰক্ষীয়ে জব্দ কৰা ফেন্সিডাইলখিনিৰ বজাৰ মূল্য প্রায় ১১ লাখ টকা বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷

Comments (0)
Add Comment