বেলতলাৰ ইএছআইচি হাস্পতালত চৰম অৰাজকতা

বিশ্বজুৰি ক’ৰোনাৰ আতংকঃ ৰাজ্য চৰকাৰৰ নির্দেশলৈ বুঢ়া আঙুলি

নিয়মীয়া বার্তা, ১৯ মার্চঃ বিশ্বজুৰি মহামাৰী ৰূপ ধাৰণ কৰা ক’ৰোনা ভাইৰাছৰ আতংকৰ মাজতেই অসম তথা উত্তৰ–পূর্বাঞ্চলৰ একমাত্র ই এছ আই চি হাস্পতালত চিকিৎসাৰ পৰা বঞ্চিত হৈছে শতাধিক ৰোগী ৷ ক’ৰোনা ভাইৰাছৰ আতংকৰ পিছতে ৰাজ্য চৰকাৰে কেতবোৰ সতর্কতামূলক নীতি–নির্দেশনা জাৰি কৰিছে৷ কিন্তু ৰাজ্য চৰকাৰৰ নির্দেশনালৈ বুঢ়া আঙুলি দেখুৱাই ই এছ আই চি হাস্পতাল কর্তৃপক্ষই সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰাৰ ক্ষেত্রত কোনো ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই ৷ বেলতলাস্থিত ই এছ আই চি মডেল হাস্পতালত ক’ৰোনা ভাইৰাছৰ চিনাক্তকৰণৰ বাবে ৰোগীক প্রাথমিক পৰীক্ষা কৰাতো দূৰৰে কথা, হাস্পতালখনলৈ চিকিৎসাৰ বাবে অহা সাধাৰণ ৰোগীয়েও লাভ কৰা নাই প্রয়োজনীয় চিকিৎসা ৷ ৰাজ্য চৰকাৰে ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধৰ বাবে জনসমাগম হ্রাস কৰাৰ ক্ষেত্রত কঠোৰ নির্দেশনা জাৰি কৰিছে ৷ অসম সচিবালয়ত প্রতিদিনে ১০০জন লোকক প্রৱেশ পত্র প্রদানৰ নির্দেশনা জাৰি কৰিছিল যদিও এই নির্দেশনা উলংঘা কৰি শ শ লোকে জনতা ভৱনত প্রৱেশ কৰিবলৈ শাৰী পতাত ৩১ মার্চলৈ জনতা ভৱনত সাধাৰণ লোকৰ প্রৱেশত নিষেধাজ্ঞা জাৰি কৰে ৷

অসম তথা উত্তৰ–পূর্বাঞ্চলৰ বিভিন্ন প্রান্তৰ পৰা চিকিৎসাৰ বাবে অহা ই এছ আই চি হাস্পতাললৈ অহা ৰোগীসকলে ক’ৰোনা ভাইৰাছৰ আতংকৰ মাজতো সতর্কতামূলক ব্যৱস্থা গ্রহণ নকৰাকৈ পুৱা ৬ বজাৰ পৰা দীঘলীয়া শাৰী পতা পৰিলক্ষিত হৈছে ৷ পুৱা ৬ বজাৰ পৰা নাম পঞ্জীয়নৰ বাবে ই এছ আই চি হাস্পতালৰ সন্মুখত এনেদৰে ৰোগীয়ে শাৰী পতাক লৈ সর্বত্র পতিক্রিয়াৰ সৃষ্টি হৈছে ৷ ই এছ আই চিৰ সুবিধা লাভ কৰা ৰোগীসকলে অসম তথা উত্তৰ–পূর্বাঞ্চলৰ একমাত্র চিকিৎসালয়খনলৈ ক’ৰোনা ভাইৰাছৰ আতংকৰ মাজতে চিকিৎসাৰ বাবে আহি চিকিৎসা গ্রহণ কৰিবলগীয়া হোৱাত সকলোৰে মাজত আতংকই বিৰাজ কৰিছে ৷  ই এছ আই চি হাস্পতাল কর্তৃপক্ষই চিকিৎসক আৰু কর্মচাৰীৰ অভাৱৰ দোহাই দি বছৰৰ পিছত বছৰ ধৰি এনেদৰে ৰোগীসকলক চিকিৎসা প্রদান কৰি আহিবলগীয়া হোৱা বুলিও সদৰী কৰিছে ৷ তথ্য অনুসৰি অসম তথা উত্তৰ–পূর্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ পৰা ই এছ আই চি হাস্পতালৰ চিকিৎসা গ্রহণৰ বাবে দৈনিক ৭ শতাধিক ৰোগী আহে ৷ কিন্তু এই ৰোগীসকলে ই এছ আই চি হাস্পতালৰ পৰা প্রয়োজনীয় চিকিৎসা সেৱা লাভৰ পৰা বঞ্চিত হৈ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত বহু ৰোগীয়ে চিকিৎসা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে ৷ লক্ষণীয় যে অসম তথা উত্তৰ–পূর্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ পৰা ই এছ আই চি মডেল হাস্পতালৰ অধীনত ৩.৫ লাখ লোকে চিকিৎসা সেৱা লাভ কৰে ৷ কেন্দ্রীয় চৰকাৰে এই ই এছ আই চি হাস্পতালখনক আগশাৰীৰ এখন চিকিৎসালয়লৈ উন্নীত কৰাৰ কথা ঘোষণা কৰিছিল ৷ কিন্তু আজিলৈকে চৰকাৰে এই ঘোষণা কার্যকৰী কৰাৰ ক্ষেত্রত কোনো ব্যৱস্থা গ্রহণ নকৰিলে ৷ ফলস্বৰূপে ক’ৰোনা ভাইৰাছৰ আতংকৰ মাজতো প্রতিদিনে ৭ শতাধিক ৰোগীয়ে বিপদসংকুলভাৱে চিকিৎসা সেৱা লাভৰ বাবে ঘণ্টাৰ পিছত ঘণ্টা ধৰি শাৰী পাতিবলগীয়া হৈছে৷ ৰাজ্য চৰকাৰৰ নির্দেশ উলংঘাৰে বেলতলাৰ ই এছ আই চি হাস্পতালত ৰোগীয়ে চিকিৎসা সেৱাৰ বাবে এনেদৰে অপেক্ষা কৰিবলগীয়া হোৱা বিষয়টোৱে ভয়াৱহ বিপদৰ আগজাননী দিছে ৷

Comments (0)
Add Comment