ব্রহ্মপুত্রত উদ্ধাৰ হোৱা মূর্তি প্রত্যক্ষৰ আহ্বান

নিয়মীয়া বাৰ্তা, ৩ ডিচেম্বৰঃ যোৱা ৩০ নৱেম্বৰ আৰু ১ ডিচেম্বৰত আৰক্ষী আৰু এছ ডি আৰ এফ জোৱানে গুৱাহাটীৰ উমানন্দ ঘাটত ব্রহ্মপুত্র নদীৰ পৰা ৪০টাতকৈও অধিক দেৱ–দেৱীৰ বিগ্রহৰ লগতে ধর্মীয় অনুষ্ঠানত ব্যৱহাৰ হোৱা সা–সামগ্রী উদ্ধাৰ কৰিছে আৰু এইসমূহ বর্তমান গুৱাহাটীৰ লতাশিল থানাত সযত্নে ৰখা হৈছে ৷ কোনো মন্দিৰ, দেৱালয় অথবা নামঘৰৰ পৰা এনে সামগ্রী যদিহে চুৰি হৈছে, তেনে অনুষ্ঠানৰ বিষয়ববীয়াই উদ্ধাৰ হোৱা এই বিগ্রহ আৰু অন্যান্য সামগ্রীসমূহ লতাশিল থানালৈ আহি প্রত্যক্ষ কৰিব পাৰিব ৷ এনে অনুষ্ঠানে উপযুক্ত তথ্য–প্রমাণ দাখিল কৰি তেওঁলোকৰ নিজা বিগ্রহ আৰু সামগ্রীসমূহ নিজৰ জিম্মাত ল’ব পাৰিব বুলি অসম আৰক্ষীৰ এক সূত্রই বিবৃতিযোগে জানিবলৈ দিছে ৷

ASSAM POLICEFeatured