ভূটান-নেপালৰ উমাল বস্ত্ৰৰে ভৰিছে মহানগৰীৰ বজাৰ

নিয়মীয়া বাৰ্তা, ২৮ নৱেম্বৰঃ আকৌ আহিল শীত । কুঁৱলীৰ আচ্ছাদনৰ লগতে উমাল কাপোৰৰ উভৈনদীয়ে আগলি বতৰা কঢ়িয়াইছে শীতৰ আগমনৰ । শীতৰ আগলি বতৰা লৈ মহানগৰীত উপস্থিত হৈছে ভূটান, নেপাল, তিৰ্ব্বত আদি দেশৰ ব্যৱসায়ীসকল । যাৰ বাবে বহিঃৰাষ্ট্ৰৰ বিভিন্ন উমাল বস্ত্ৰৰে ভৰি পৰিছে এতিয়া মহানগৰীৰ বজাৰ । শিশু, বৃদ্ধৰ পৰা আৰম্ভ কৰি যুৱক-যুৱতীৰ বিভিন্ন ফেশ্বনযুক্ত সামগ্ৰী উপলব্ধ হৈ পৰিছে বহিঃৰাষ্ট্ৰৰ এই বিপণীসমূহত । অতি কম মূল্যত মহানগৰীৰ পল্টনবজাৰ, গণেশগুৰি, মালিগাঁও আদি স্থানত ভৰি পৰিছে এই আকৰ্ষণীয় উমাল সাজ-পোছাকসমূহ । য’ত এতিয়া ভিৰ কৰিছেহি মহানগৰীৰ বিভিন্ন স্থানৰ লোকসকলে । একাংশ গ্ৰাহকে জনোৱা মতে এনে সামগ্ৰীসমূহ অতি কম মূল্যৰ হোৱাৰ লগতে গুণমানযুক্ত ।

Featured