মহানগৰীৰ গণেশগুৰি–চানমাৰিত এছবিআইৰ ভ্রাম্যমাণ এটিএম সেৱা

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন–২০১৯ বিৰোধী প্রতিবাদত বিগত চাৰি দিন ধৰি মহানগৰীৰ জনজীৱন ব্যাহত হৈ পৰাত শনিবাৰৰ পৰা কামৰূপ (ম) জিলা আৰক্ষী প্রশাসনে দিনৰ ভাগত সান্ধ্য আইন শিথিল কৰিছে ৷

যাৰ বাবে পুৱাৰে পৰা মহানগৰীৰ প্রায়বোৰ এটিএমত গ্রাহকে ধন উলিয়াবলৈ দীঘলীয়া শাৰী পাতি ঘণ্টাৰ পাছত ঘণ্টা ধৰি অপেক্ষা কৰিবলগীয়া হয় ৷ কেইবাঘণ্টাজুৰি অপেক্ষাৰ অন্তত একাংশ গ্রাহকে এটিএমৰ পৰা ধন উলিয়াবলৈ সক্ষম হয় যদিও কিছুসময় পাছত প্রায়বোৰ এটিএমৰ নগদ ধন শেষ হোৱাত গ্রাহকসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷

অৱশ্যে গ্রাহকৰ সুবিধার্থে ভাৰতীয় ষ্টেট বেংক কর্তৃপক্ষই শনিবাৰে মহানগৰীত ভ্রাম্যমাণ এটিএমৰ ব্যৱস্থা কৰা পৰিলক্ষিত হয়৷ মহানগৰীৰ গণেশগুৰি, চানমাৰি, গুৱাহাটী ৰে’লৱে ষ্টেচন আৰু বিশ্ববিদ্যালয় চৌহদকে ধৰি বিভিন্ন স্থানত এছবিআইৰ ভ্রাম্যমাণ এটিএমেৰে বেংক কর্তৃপক্ষই গ্রাহকক সেৱা আগবঢ়ায় ৷

Comments (0)
Add Comment