মহনগৰীত প্ৰভুভক্তৰ বাবে আশ্ৰয়গৃহ

নিয়মীয়া বাৰ্তা, ২৯ নৱেম্বৰঃ কুকুৰে মানুহৰ দৈনন্দিন কামকাজত সহায় কৰাৰ ওপৰিও সুৰক্ষা প্ৰদান, আৰক্ষীক সহায়ৰ লগতে অকলশৰীয়া জীৱনৰ এক সংগী ৰূপে লগ দিয়ে । যাৰ বাবে সমাজত কুকুৰক “প্ৰভুভক্ত” বুলি জনা যায়। কিন্তু এই প্ৰভুভক্ত প্ৰাণীবিধক পোহনীয়া কৰি বৰ্তমান ঘৰত ৰাখি কিছুসংখ্যক লোকে প্ৰতিপাল কৰে যদিও বহু সংখ্যকে পদপথতে আশ্ৰয় গ্ৰহণ কৰে । ইপিনে পদপথত ঘূৰি ফুৰা এই কুকুৰ সমূহে বাহনৰ তলত অথবা দোকানৰ সন্মুখত আশ্ৰয় গ্ৰহণৰ ফলত বহু সময়ত দুৰ্ঘটনাত পতিত হৈ মৃত্যু মুখত পৰে ।

সেয়ে এই প্ৰভুভক্ত প্ৰাণীবিধৰ আশ্ৰয়ৰ বাবে মহানগৰীৰ এজন যুৱকে প্ৰস্তুত কৰিছে কেইবাটাও আশ্ৰয়গৃহ । মহানগৰীৰ ধীৰেনপাৰাৰ চাহিদ আহমেদ নামৰ এইগৰাকী পশুপ্ৰেমী যুৱকে ২০ হাজাৰ টকা ব্যয়ৰে নিৰ্মাণ কৰিছে পাঁচটাকৈ আশ্ৰয়গৃহ।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও চাহিদে এনেদৰে বহু পশু-পক্ষীক বিভিন্ন প্ৰকাৰে সহায় কৰি আহিছে ।

Featured