মহানগৰীত এসপ্তাহত সংঘটিত তিনিটা লোমহর্ষক হত্যাকাণ্ড

মহানগৰীত এসপ্তাহত সংঘটিত তিনিটা লোমহর্ষক হত্যাকাণ্ড

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ আৰক্ষী আয়ুক্তকৰণ হোৱাৰ পিছতো গুৱাহাটী মহানগৰীত চুৰি–ডকাইতি–হত্যাকে ধৰি নানা অপৰাধজনিত ঘটনা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ৷ মহানগৰ আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাৰ ফোঁপোলা স্বৰূপ উদঙাই চলিত বর্ষৰ প্রথমটো মাহতে দুটাকৈ দিন ডকাইতি, তিনিটাকৈ লোমহর্ষক হত্যাকাণ্ড সংঘটিত হ’ল ৷ মহানগৰীৰ দিছপুৰ, পানীখাইতী আৰু লুটুমাত এসপ্তাহৰ ভিতৰতে তিনিটাকৈ নৃংশস হত্যাকাণ্ড সংঘটিত হ’ল ৷ বিশেষকৈ দিছপুৰ থানাৰ পৰা মাত্র কেইমিটাৰমান দূৰতে দিছপুৰ আইন মহাবিদ্যালয়ৰ কাষতে ৭ জানুৱাৰীৰ নিশা কোনো দুর্বৃত্তই প্রদূষণ নিয়ন্ত্রণ ব’ডৰ অৱসৰপ্রাপ্ত অভিযন্তা পৰেশ চন্দ্র বৰুৱাক ঘৰৰ ভিতৰতে হত্যা কৰে ৷ একেদৰে মাঘ বিহুৰ দিনাই লুটুমাৰ বেটেলিয়ন গেটত পৰশুৰাম চৌৰাচিয়া নামৰ এগৰাকী সত্তৰোর্ধ্বৰ ব্যৱসায়ীক দুর্বৃত্তই হত্যা কৰে ৷ এসপ্তাহৰ ভিতৰতে দুটাকৈ নৃশংস হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছতো আজিলৈকে হত্যাকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম নহ’ল মহানগৰ আৰক্ষী ৷ দিছপুৰ আইন মহাবিদ্যালয়ৰ সমীপৰ বাসিন্দা পৰেশ চন্দ্র বৰুৱাৰ হত্যাকাণ্ডৰ ১৩টা দিন উকলি যোৱাৰ পিছতো দিছপুৰ আৰক্ষীয়ে হত্যাকাৰীৰ শুংসূত্র উলিয়াবলৈ সক্ষম নহ’ল ৷ দিছপুৰ থানাৰ ভাৰপ্রাপ্ত বিষয়াগৰাকীয়ে হত্যাকাণ্ডৰ তদন্ত চলি থকা বুলিহে জানিবলৈ দিছে ৷ হত্যাকাণ্ডত জড়িত থকাৰ সন্দেহত ঘৰুৱা গাড়ীচালকসহ কোইবাজনো লোকক আটক কৰি সোধা–পোছাৰ অন্তত এৰি দিয়ে ৷ আৰক্ষী–নিৰাপত্তাৰক্ষী গিজগিজাই থকা দিছপুৰ সচিবালয়ৰ সমীপতে নৃশংসভাৱে অৱসৰপ্রাপ্ত অভিযন্তাগৰাকীক হত্যা কৰে ৷ হত্যাৰ ১৩টা দিন পাৰ হোৱাৰ পিছতো হত্যাকাৰীক ধৰিব নোৱৰা আৰক্ষীয়ে এতিয়া ফৰেনছিকৰ প্রতিবেদনলৈ বাট চাবলগীয়া হৈছে ৷ একেদৰে ফটাশিল আমবাৰী থানাৰ অন্তর্গত লুটুমাৰ বেটেলিয়ন গেটত ১৫ জানুৱাৰীৰ নিশা পৰশুৰাম চৌৰাচিয়া নামৰ সত্তৰোর্ধ্বৰ ব্যৱসায়ীক দুর্বৃত্তই হত্যা কৰাৰ চাৰি দিনৰ পিছতো আৰক্ষীয়ে হত্যাকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম নহ’ল৷ ফটাশিল আমবাৰী আৰক্ষীয়ে হত্যাকাণ্ডৰ পিছতো অঞ্চলটোৰ বিভিন্ন স্থানৰ পৰা ড্রাগ্ছ আসক্ত যুৱক আৰু অপৰাধমূলক কার্যকলাপত জড়িত ১১জনকৈ যুৱকক আটক কৰি সোধা–পোছাৰ অন্তত এৰি দিয়ে৷ তদন্তৰ খাতিৰত আৰক্ষীয়ে হত্যাকাৰীৰ সবিশেষ তথ্য প্রকাশ কৰাৰ পৰা বিৰত থাকি তদন্ত ক্ষিপ্র গতিত চলি থকা বুলি জানিবলৈ দিছে৷ কিন্তু অপৰাধীক কৰায়ত্ত কৰিব নোৱাৰি অৱশেষত পৰশুৰাম চৌৰাচিয়াৰ ঘৰৰ চিচি টিভি কেমেৰাৰ ফুটেজত লাভ কৰা অভিযুক্ত হত্যাকাৰীৰ ফটো ৰাজহুৱা কৰিবলৈ বাধ্য হয়৷ চলিত বর্ষৰ প্রথমটো মাহতে তিনিটাকৈ লোমহর্ষক হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছতো আজিলৈকে হত্যাকাৰীক গ্রেপ্তাৰ কৰিব নোৱৰা বিষয়টোৱে মহানগৰ আৰক্ষীৰ দুর্বলতাকে স্পষ্ট ৰূপত উদঙাই দিছে ৷

Comments (0)
Add Comment