মহানগৰীত পুনৰ দিন ডকাইতি

ডকাইতে লুটিলে ২লাখ টকা

গুৱাহাটী,১৯ নৱেম্বৰঃ মহানগৰীৰ নাৰেংগীত চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা। বিহুলা ব্ৰহ্ম নামৰ এগৰাকী মহিলাৰ পৰা ডকাইতে লুটিলে ২ লাখ টকা। বেংকৰ পৰা ধনখিনি উলিয়াই আনোতেই ডকাইতৰ লুটপাত। এখন পালছাৰ বাইকত আহিছিল দুজনীয়া ডকাইতৰ দলটো। দৈনিক বৃদ্ধি পাইছে ডকাইতিৰ ঘটনা। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে যদিও কোনো শুংসূত্ৰ উলিয়াব পৰা নাই। মহানগৰীৰ জালুকবাৰী আৰু গীতানগৰৰ পাছত দিন ডকাইতিৰ এইটো তৃতীয় ঘটনা। আৰক্ষীৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ দুৰ্বৃত্তই সংঘটিত কৰিছে এনে ঘটনা।

মহানগৰীত দিন ডকাইতি