মহানগৰীত প্রতিবাদৰ নামত হিংসাৰ আশ্রয় লোৱা ২২ জনক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন প্রত্যাহাৰৰ দাবীৰে কৰা প্রতিবাদৰ নামত সংঘটিত হিংসাত্মক কার্যকলাপত জড়িত থকাৰ অভিযোগত মহানগৰ আৰক্ষীয়ে ২২জন প্রতিবাদকাৰীক গ্রেপ্তাৰ কৰিছে ৷

মহানগৰ আৰক্ষীৰ নৱনিযুক্ত আয়ুক্ত মুন্নাপ্রসাদ গুপ্তাই ‘নিয়মীয়া বার্তা’ক জানিবলৈ দিয়া মতে, আজি নিশাপর্যন্ত মুঠ ২২জন লোকক প্রতিবাদৰ নামত হিংসাত্মক কার্যকলাপত লিপ্ত থকাৰ অভিযোগত গ্রেপ্তাৰ কৰা হৈছে ৷

প্রতিবাদৰ নামত ছার্ভেত উদ্ভণ্ডালি কৰা এজন যুৱকক শুকুৰবাৰে স্থানীয় ৰাইজে কৰায়ত্ত কৰি দিছপুৰ আৰক্ষীক গতাই দিয়ে ৷ ধৃত যুৱকজন পিংকু চৌধুৰী ৷ শুকুৰবাৰে ছার্ভেত প্রতিবাদৰ নামত চাৰি–পাঁচজনীয়া এটা যুৱকৰ দলে ৰাজহুৱা সম্পত্তি বিনষ্ট কৰাৰ লগতে পথৰ দাঁতিৰ ৰেলিং ভাঙি জ্বলাই দিয়াৰ চেষ্টা কৰে ৷ পাছত স্থানীয় লোকে যুৱককেইজনক সোধা–পোছা কৰাত আটাইকেইজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে যদিও পিংকু চৌধুৰী নামৰ যুৱকজনে স্থানীয় লোকৰ সৈতে বাক্–বিতণ্ডাত লিপ্ত হয় ৷ পাছত স্থানীয় লোকে যুৱকজনক কৰায়ত্ত কৰি দিছপুৰ আৰক্ষীক গতাই দিয়ে ৷

ইপিনে, দিছপুৰৰ বিভিন্ন ঠাইত প্রতিবাদৰ নামত হিংসাত্মক কার্যত জড়িত থকাৰ অভিযোগত হাজোৰ আছিফুল আলী, খানাপাৰাৰ ৰবি স্বর্গীয়াৰী আৰু ৰিদিপ ডেকাক গ্রেপ্তাৰ কৰে ৷ বশিষ্ঠ আৰক্ষীয়ে দীপেন দিহিঙীয়াক, আনহাতে, ৰাজহুৱা সম্পত্তি ধ্বংস কৰাৰ অভিযোগত বশিষ্ঠ আৰক্ষীয়ে নৱজ্যোতি স্বর্গীয়াৰী, ৰঞ্জন মেধি, সঞ্জীৱ তালুকদাৰ, যুগল শর্মা, অলকেশ হুছেইন, বিশ্বজিৎ বড়ো, মুন ৰহমান আৰু জাকিৰ হুছেইনক গ্রেপ্তাৰ কৰে ৷ তদুপৰি হাতীগাঁও আৰক্ষীয়েও প্রতিবাদৰ নামত হিংসাত্মক কার্য সংঘটিত কৰা ছয়জন লোকক গ্রেপ্তাৰ কৰে ৷

Featured
Comments (0)
Add Comment