মহানগৰীত ৭ ঘণ্টাৰ বাবে শিথিল সান্ধ্য আইন

নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰঃ ক্ৰমাৎ স্বাভাৱিক পৰিস্থিতি ঘূৰি আহিছে মহানগৰী গুৱাহাটীলৈ । যাৰ বাবে শনিবাৰে পুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজালৈ ৭ ঘণ্টাৰ বাবে শিথিল কৰা হৈছে সান্ধ্য আইন ।

যদিহে এনেদৰেই পৰিস্থিতি সম্পূৰ্ণ স্বাভাৱিক হয় তেন্তে প্ৰত্যাহাৰ হ’ব পাৰে মহানগৰীত সান্ধ্য আইন ।

ইপিনে ডিব্ৰুগড়তো ৬ ঘণ্টাৰ বাবে শিথিল কৰা হৈছে সান্ধ্য আইন । ডিব্ৰুগড়ত ৮ বজাৰ পৰা বিয়লি ২ বজালৈ শিথিল হৈছে সান্ধ্য আইন ।

Featured
Comments (0)
Add Comment